ETV Bharat / state

শিলচৰত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব নীতিন গাডকাৰীয়ে

author img

By

Published : Dec 25, 2020, 2:01 PM IST

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনৰ উপলক্ষে মূৰ্তি উন্মোচন আৰু মোদী চৰকাৰৰ বিশেষ উপহাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত আজি উপস্থিত থাকিব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ৷ প্ৰথমে শিলচৰত উপস্থিত হৈ নীতিন গাডকাৰীয়ে অসম বিশ্ববিদ্যালয়ৰ কনফাৰেন্সত অংশগ্ৰহণ কৰিব ৷

Inauguration of statue of late Prime Minister Atal Bihari Vajpayee
আজি শিলচৰত বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব নীতিন গাদকাৰীয়ে

শিলচৰ, 25 ডিচেম্বৰ: প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনৰ উপলক্ষে প্ৰতিমূৰ্তি উন্মোচন আৰু ২৭ টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত আজি উপস্থিত থাকিব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাদকাৰী ৷

প্ৰথমে শিলচৰত উপস্থিত হৈ নীতিন গাদকাৰীয়ে অসম বিশ্ববিদ্যালয়ৰ কনফাৰেন্সত অংশগ্ৰহণ কৰিব ৷ বিশ্ববিদ্যালয়ৰ কনফাৰেন্স সমাপ্ত কৰিয়েই তেওঁ শিলচৰ-গুৱাহাটী মহাচড়কৰ zero point মধুৰাপুলত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব ৷

ইয়াৰ পিচতেই ৰংপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব ৷ এই সভাৰ মাজতেই ২৩৬৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ২৭ টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব নীতিন গাডকাৰীয়ে ৷ সভাত নীতিন গাডকাৰীৰ লগত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আদি ৷

লগতে পঢ়ক:পুনৰ বিপদৰ আশংকা কৰি নতুন ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.