শিলচৰ,6 অক্টোবৰ: শিলচৰত উপস্থিত হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । দেওবাৰে ৰাতিপুৱা শিলচৰৰ বিভিন্ন পূজা পেণ্ডেল দৰ্শন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শিলচৰত কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আদালত প্ৰাংগনত আয়োজিত দুৰ্গা পূজাস্থলীত দেওবাৰে পুৱা দেৱী দুৰ্গাৰ অষ্টমীৰ পূজা প্ৰদান কৰিলে বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
তেওঁ পূজাথলীত আহি উপস্থিত হোৱাৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে স্বাগতম জনায় । ৰাতিলৈকে মন্ত্ৰীগৰাকীয়ে শিলচৰ চহৰৰ বিভিন্ন পূজা মণ্ডপ ভ্ৰমণ কৰিব ৷