ETV Bharat / state

এগৰাকী কৰ’ণাক্ৰান্ত ৰোগীৰ বাবে গ্ৰীণ কৰিডৰৰ ব্যৱস্থা - শিলচৰ কৰ’ণা

শিলচৰৰ ৰাজপথত গ্ৰীণ কৰিডৰৰ ব্যৱস্থা ৷ এগৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীক ওড়িশালৈ নিয়াৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা কুম্ভিৰগ্ৰাম বিমানবন্দৰলৈ যোৱা পথত এই গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে ৷

green-corridor-in-the-road-of-silchar
কৰ’ণাক্ৰান্ত ৰোগীৰ বাবে গ্ৰীণ কৰিডৰ
author img

By

Published : Jun 1, 2021, 10:47 PM IST

শিলচৰ,1 জুন : মঙলবাৰে এগৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীৰ বাবে শিলচৰৰ ৰাজপথত গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা হয় ৷ প্ৰায় 32 কিল’মিটাৰ দৈৰ্ঘৰ পথত গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰি ৰোগীজনক শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা শিলচৰৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰত লৈ যোৱা হয় ৷

কৰ’ণাক্ৰান্ত ৰোগীৰ বাবে গ্ৰীণ কৰিডৰ

শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰমথ কুমাৰ মিশ্ৰা নামৰ ৰোগীজনক প্ৰদান কৰা হৈছে এই সুবিধা ৷ অৱশ্যে কৰ’ণামুক্ত হোৱাৰ পাচতো তেওঁৰ দেহত কিছু লক্ষণ ৰৈ যোৱাত তেওঁক ওড়িশাৰ ভূৱনেশ্বৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হয় ৷ আইচিইউৰ পৰা ওলোৱাৰ পাচতে এই গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰি দিয়ে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : শোণিপুৰত নাটনি ঘটিছে ক'ভিডৰ দ্বিতীয় পালি ভেকচিনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.