কাছাৰ,30 জুন: কাছাৰৰ বৰখলাত আৰক্ষীৰ জালত পৰিছে দুগৰাকী ভুৱা চিআইডি বিষয়া ৷ দীৰ্ঘদিনে নিজকে অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক শাখাৰ উচ্চপদস্থ বিষয়া বুলি পৰিচয় দিয়া ব্যক্তি দুগৰাকীক অৱশেষত গ্ৰেপ্তাৰ কৰে বৰখলা আৰক্ষীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বিগত এমাহৰ পৰা বৰখলা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও-পঞ্চায়তৰ কাম-কাজত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ উক্ত অভিযোগৰ ভিত্তিতে ভুৱা বিষয়া দুগৰাকীয়ে তদন্ত কৰিবলৈ অহা বুলি দাবী কৰে ৷ কিন্তু তদন্তৰ নামত ব্যক্তি দুগৰাকীয়ে খণ্ড উন্নয়ন বিষয়া ৰূপক দেৱৰ পৰা তথ্য বিচাৰিবলৈ লোৱাত সন্দেহ ওপজে বিষয়াগৰাকীৰ ৷ ফলত আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত তদন্ত চলাই গ্ৰেপ্তাৰ কৰে ভুৱা বিষয়া দুগৰাকীক ৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভুৱা বিষয়া দুজন সত্যজিৎ দে আৰু মন বাহাদুৰ ছেত্ৰী বুলি জানিব পৰা গৈছে ৷
ইফালে আৰক্ষীৰ জেৰাত ব্যক্তি দুগৰাকীয়ে নিজকে সংবাদকৰ্মী বুলি পৰিচয় দিয়ে ৷ উন্নয়ন খণ্ডটোত দীৰ্ঘদিনে ঘটি থকা দুৰ্নীতিৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত তদন্ত কৰিবলৈ অহা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ব্যক্তি দুজনে ৷ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে ৰুজু কৰা এক গোচৰৰ ভিত্তিত ভুৱা চিআইডি বিষয়াদ্বয়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
লগতে চাওকঃ গোলাঘাটত বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা জব্দ