ETV Bharat / state

এসপ্তাহৰ ভিতৰত শিলচৰৰ পাঁচগ্ৰামত দুটা ভয়াৱহ অগ্নিকাণ্ড - কাগজ কলৰ চহৰ পাঁচগ্ৰাম

এটা নহয় দুটাকৈ অগ্নিকাণ্ড সংঘটিত হয় কাগজ কলৰ চহৰ পাঁচগ্ৰামত ৷ চাৰিদিন পূৰ্বে পাঁচগ্ৰাম বাগমাৰাত এটা পেট্ৰ'ল পাম্পৰ লগত থকা সাতখন দোকান ভষ্মীভূত হৈ যোৱাৰ পাছত শুকুৰবাৰে নিশা পুনৰ এটা অগ্নিকাণ্ডৰ ফলত জাহ যায় আঠখনকৈ দোকান ৷

Fire at Panchgram
এসপ্তাহৰ ভিতৰত শিলচৰৰ পাঁচগ্ৰামত দুটা ভয়াৱহ অগ্নিকাণ্ড
author img

By

Published : Mar 14, 2020, 8:55 AM IST

কাছাৰ,14 মাৰ্চঃ কাগজ কলৰ চহৰ পাঁচগ্ৰামত এসপ্তাহৰ ভিতৰতে সংঘটিত হয় দুটাকৈ ভয়াৱহ অগ্নিকাণ্ড ৷ চাৰিদিন পূৰ্বে পাঁচগ্ৰাম বাগমাৰাত এটা পেট্ৰ'ল পাম্পৰ লগত থকা সাতখন দোকান ভষ্মীভূত হৈ যোৱাৰ পাছত শুকুৰবাৰে নিশা পুনৰ এটা অগ্নিকাণ্ডৰ ফলত জাহ যায় আঠখনকৈ দোকান ৷ স্থানীয় লোকে জুই নুমুৱাবলৈ কৰা আপ্ৰাণ চেষ্টাৰ ফলত কথমপি ৰক্ষা পৰে পাঁচগ্ৰাম চহৰ ৷ এই দুয়োটা অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলো ব্য়ৱসায়ী আৰু অন্য ব্যক্তিক এটা টিনপাতৰ বাণ্ডিল,চাউল,আটা,দালী,তেল,নিমখ আদি বিভিন্ন সামগ্ৰী প্ৰদান কৰি সাহায্য আগবঢ়াইছে আলগাপুৰৰ প্ৰাক্তন বিধায়ক ৰাহুল ৰায়ে ৷ লগতে ক্ষতিগ্ৰস্ত প্ৰত্যেককে তেওঁ সহায় কৰিব বুলি আশ্বাস দিছে ৷

এসপ্তাহৰ ভিতৰত শিলচৰৰ পাঁচগ্ৰামত দুটা ভয়াৱহ অগ্নিকাণ্ড
লগতে পঢ়কঃশিৱসাগৰত পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষত আহত পিতা-পুত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.