ETV Bharat / state

Eviction drive in Cachar: কাছাৰত উচ্ছেদ অভিযান

author img

By

Published : Nov 11, 2022, 12:30 PM IST

ৰাজ্যত পুনৰ উচ্ছেদ অভিযান (Eviction drive in Assam) ৷ এইবাৰ কাছাৰ জিলাৰ ধলাই ভাগা বজাৰত শুকুৰবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ধলাই সমষ্টিৰ ভাগা বজাৰৰ পিছফালে পৰিত্যক্ত মাটিত বসতি কৰি থকা প্ৰায় ১৪ পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে (Eviction drive in Cachar)

Eviction drive in Cachar
কাছাৰত উচ্ছেদ অভিযান

কৰিমগঞ্জ, 11 নৱেম্বৰ: ৰাজ্যত পুনৰ উচ্ছেদ অভিযান (Eviction drive in Assam) ৷ এইবাৰ মাটিৰ উপযুক্ত নথি পত্ৰ থকাৰ পিছতো উচ্ছেদ হ’ল কেইবাটাও পৰিয়াল ৷ কাছাৰ জিলাৰ ধলাই ভাগা বজাৰত শুকুৰবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ধলাই সমষ্টিৰ ভাগা বজাৰৰ পিছফালে পৰিত্যক্ত মাটিত বসতি কৰি থকা প্ৰায় ১৪ পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে (Eviction drive in Cachar) ৷

কাছাৰত উচ্ছেদ অভিযান

দুটা এস্কেভেটৰসহ সোণাই চক্ৰ বিষয়া দীপংকৰ নাথে নৰসিংপুৰ উন্নয়ন খণ্ডৰ বিভিন্ন বিষয়াৰ লগতে পুলিচ আৰু চিআৰপিএফ বাহিনীৰ এটা দলে ভাগাত উপস্থিত হৈ আৰম্ভ কৰে উচ্ছেদ অভিযান ৷ মনকৰিবলগীয়া যে, চাৰিদিন পূৰ্বে প্ৰশাসনৰ ফালৰ পৰা সোণাই ৰাজহ চক্ৰৰ এজন কানুনগড় আৰু পাটোৱাৰী তাত উপস্থিত হয় আৰু ধলাই সমষ্টিৰ ভাগা বজাৰৰ পিছফালে পৰিত্যক্ত মাটিখিনি চৰকাৰী ভূমি বুলি কৈ তাত ৰঙা পতাকা পুতি থৈ যায় ।

তাৰ পিছতেই চাৰিদিন পিছত হঠাৎ প্ৰশাসনে এই উচ্ছেদ অভিযান চলায় । ইফালে উচ্ছেদ হোৱা লোকসকলে তেওঁলোকৰ হাতত এই মাটিত বসতি কৰা আৰু পট্টা থকা স্বত্বেও চৰকাৰে অবৈধভাৱে উচ্ছেদ অভিযান চলোৱা বুলি অভিযাগ উত্থাপন কৰে ৷ তথ্য অনুসৰি উচ্ছেদিত ভূমিত চৰকাৰে 2.5 কোটি টকা ব্যয়েৰে এখন বজাৰ শ্বেড নিৰ্মাণ কৰিব ৷

আনহাতে বিগত কিছুদিন পূৰ্বে ঢেকিয়াজুলিত এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছিল ৷ ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়াই সৰ্বস্বান্ত তথা গূহহীন কৰা ধিং আৰু লাহৰীঘাট সমষ্টিৰ হেজাৰ হেজাৰ পৰিয়ালৰ লোক অসমৰ বিভিন্ন স্থানলৈ ঢাপলি মেলিছিল । প্ৰায় ২০ বছৰ পুৰ্বে খহনীয়াগ্ৰস্ত প্ৰায় ১৫০ টা পৰিয়াল শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি থানাৰ অন্তৰ্গত ৩ নং চিতলমাৰীত জুপুৰী সাজি কাম বন কৰি কোনোমতে জীবিকা নিৰ্বাহ কৰি আহিছিল (Eviction drive at Dhekiajuli)।

পিছে এই লোকসকলৰ দুৰ্দশাৰ প্ৰতি কোনোধৰণৰ মনোযোগ নিদি ৩ নং চিতলমাৰীত জিলা প্ৰশাসনৰ নিৰ্দেশত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷ ইয়াৰ মাজতে বিগত ছেপ্টেম্বৰ মাহত শোণিতপুৰ জিলা প্ৰশাসনে বৰচলা সমষ্টিৰ চিতলমাৰিত মুঠ ২৯৯খন ঘৰত চলাইছিল উচ্ছেদ অভিযান ৷

লগতে পঢ়ক: Ashirbad Hazarika arrested: গ্ৰেপ্তাৰ হ’ল দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.