কাছাৰ, 17 অক্টোবৰঃ বৃহস্পতিবাৰে কাছাৰৰ বৰখোলা সমষ্টিৰ পাটিছড়াত অবৈধভাৱে দখল কৰা অঞ্চলত উচ্ছেদ অভিযান চলালে প্ৰশাসনে ৷ দিনৰ প্ৰায় 11 মান বজাত মহকুমাধিপতি ডি ঠাকুৰীয়াৰ নেতৃত্বত আৰক্ষীৰ দলে উচ্ছেদ অভিযান চলাই অঞ্চলটোত ৷ স্থানীয় ৰাইজৰ অভিযোগ কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ প্ৰশাসনে অঞ্চলটোত চলালে উচ্ছেদ অভিযান ৷
আনহাতে, মহকুমাধিপতি ডি ঠাকুৰীয়াৰ মতে, অঞ্চলটোৰ ৰাইজক ইয়াৰ পূৰ্বে কেইবাৰো জাননী দিয়া হৈছিল যদিও বেদখলমুক্ত কৰা নাছিল ৷ ফলত এই অভিযান চলোৱা হয় ৷ এই অভিযানৰ জৰিয়তে সমগ্ৰ অঞ্চল সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ'ব ৷