শিলচৰ, 30 মাৰ্চ: দ্বিতীয় পর্যায় নির্বাচনৰ প্রচাৰৰ অন্তিম দিনত বৰাক উপত্যকাৰ কেইবাটাও বিধানসভা সমষ্টিত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাতাবাৰি, উত্তৰ কৰিমগঞ্জ, ধলাই, সোনাই আৰু শিলচৰ সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সোণোৱালে ৷
সভাত কেইবা শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ ভাৰত মাতা কী জয়, বিজেপি জিন্দাবাদ আদি শ্ল'গানেৰে উত্তাল হৈ পৰে প্ৰচাৰৰ সভাস্থলী ৷ প্ৰচাৰৰ কালত সোণোৱালৰ লগতে কেইজনো বিজেপিৰ নেতা উপস্থিত থাকে ৷
লগতে পঢ়ক:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ