শিলচৰ,6 জুলাই: সোমবাৰে শিলচৰ আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলোৱা আৰক্ষীয়ে প্ৰায় পাঁচ লক্ষাধিক মূল্যৰ ব্ৰাউন চুগাৰৰ লগতে নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ স্নিফাৰ ডগৰ সহায়ত অনুসন্ধান চলোৱা আৰক্ষীৰ এটা দলে চহৰখনৰ তাৰাপুৰস্থিত যোগেশ ৰোডৰ এটি বাসগৃহৰ পৰা এই সামগ্ৰীসমূহ উদ্ধাৰৰ লগতে ঘটনা সন্দৰ্ভত মণিপুৰৰ মীলা চক্ৰৱৰ্তী নামৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ৷ প্ৰায় 15 টা চাবোনৰ পাত্ৰত লুকুৱাই অনা হৈছিল জব্দকৃত নিচাযুক্ত সামগ্ৰীসমূহ ৷
শিলচৰ সদৰৰ উপ-আৰক্ষী অধীক্ষক ভাৰ্গৱ গোস্বামী আৰু ভাৰপ্ৰাপ্ত বিষয়া ডিতুমনি গোস্বামীৰ লগতে তাৰাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যাদৱ ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান ৷ উক্ত অভিযানত আৰক্ষীয়ে 30টাকৈ নিচাজাতীয় কেপচুলৰ লগতে 185 টা খালী কণ্টেইনাৰ জব্দ কৰে ৷ আটকাধীন মহিলা ব্যৱসায়ী গৰাকীয়ে দীৰ্ঘদিনে উক্ত ঘৰটোত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় পাঁচ লক্ষাধিক টকা হ’ব বুলি সদৰি কৰে উপ আৰক্ষী অধীক্ষক ভাৰ্গৱ গোস্বামীয়ে ৷
লগতে চাওকঃ ঘোৰা গাড়ীত উঠি অভিনৱ প্ৰতিবাদ ৰিপুণ বৰাৰ