ETV Bharat / state

বিজেপি ত্যাগ শিলচৰৰ প্ৰাক্তন বিধায়ক দিলীপ কুমাৰ পালৰ

author img

By

Published : Mar 10, 2021, 5:21 PM IST

সুদীৰ্ঘ ৩৬ বছৰ বিজেপিৰ প্ৰাথমিক সদস্য হিচাপে কাম কৰাৰ লগতে শিলচৰ সমষ্টিৰ দুবাৰৰ বিধায়ক দিলীপ কুমাৰ পালে বিজেপি ত্যাগ কৰিলে । সংবাদমেল যোগে দলত্যাগৰ ঘোষণা কৰে নেতাগৰাকীয়ে । প্ৰাক্তন বিধায়কগৰাকীৰ ঘোষণা এইবাৰ নিৰ্বাচনত তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব ।

বিজেপি ত্যাগ শিলচৰৰ প্ৰাক্তন বিধায়ক দিলীপ কুমাৰ পালৰ
বিজেপি ত্যাগ শিলচৰৰ প্ৰাক্তন বিধায়ক দিলীপ কুমাৰ পালৰ

শিলচৰ,১০ মাৰ্চ: প্ৰাৰ্থিত্ব নাপাই এজনৰ পিছত আনজন নেতাই বিজেপি দলত্যাগ কৰাৰ খবৰ আহিছে । এইবাৰ শিলচৰৰ এগৰাকী প্ৰভাৱশালী নেতাই বিজেপি ত্যাগ কৰিলে । সুদীৰ্ঘ ৩৬ বছৰ বিজেপিৰ প্ৰাথমিক সদস্য হিচাপে কাম কৰাৰ লগতে শিলচৰ সমষ্টিৰ দুবাৰৰ বিধায়ক দিলীপ কুমাৰ পালে বিজেপি ত্যাগ কৰিলে । সংবাদমেলযোগে দল ত্যাগৰ ঘোষণা কৰে নেতাগৰাকীয়ে ।

প্ৰাক্তন বিধায়কগৰাকীয়ে উল্লেখ কৰা মতে ইতিমধ্যে বিজেপিৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সভাপতিলৈ প্ৰেৰণ কৰিছে তেওঁৰ পদত্যাগ পত্ৰ । প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ ফলস্বৰূপে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপি দলত্যাগ কৰিছে বহু নেতাই । কিন্তু শিলচৰৰ এইগৰাকী চৰ্চিত নেতাই এনেদৰে দলত্যাগ কৰাৰ লগে লগে বিশেষ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বিজেপিৰ ভিতৰচ'ৰাত ।

সংবাদমেলত নেতাগৰাকীয়ে ঘোষণা কৰা মতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসহায় । অসমত বিজেপি বৰ্তমান ছিণ্ডিকেটৰ গৰাকী আৰু দুৰ্নীতিগ্ৰস্ত নেতাৰ দ্বাৰা পৰিচালিত বুলি বিস্ফোৰক মন্তব্য কৰে দিলীপ কুমাৰ পালে । লগতে প্ৰাক্তন বিধায়কগৰাকীৰ ঘোষণা এইবাৰ নিৰ্বাচনত তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব ।

লগতে পঢ়ক: বিজেপি ত্যাগ কৰিব শিলাদিত্য দেৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.