ETV Bharat / state

ছাৰ্জিল ইমামক লৈ গুৰুত্বপূৰ্ণ মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ - ছাৰ্জিল ইমামক লৈ গুৰুত্বপূৰ্ণ মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ

অসম আৰক্ষীৰ জিন্মাত থকা ছাৰ্জিল ইমামক জেৰাৰ বাবে আৰু কিছুদিন ৰাখিব পাৰে আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰ জ্যোতি মহন্তই প্ৰদান কৰিছে ইংগিত ৷

DGP Bhaskarjyoti Mahanata's comment about Sharjeel Imam
ছাৰ্জিল ইমামক লৈ গুৰুত্বপূৰ্ণ মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ
author img

By

Published : Feb 22, 2020, 7:14 PM IST

নিউজ শিলচৰ,22 ফেব্ৰুৱাৰী: অসম আৰক্ষীৰ জিন্মাত থকা ছাৰ্জিল ইমামক জেৰাৰ বাবে আৰু কিছুদিন ৰাখিব পাৰে আৰক্ষীয়ে ৷ এই ইংগিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰ জ্যোতি মহন্তৰ ৷ শনিবাৰে দক্ষিণ অসমৰ চাৰি খন জিলাৰ আৰক্ষী অধীক্ষক আৰু তিনিটা বেটেলেনিয়ৰ অধিনায়ক সকলৰ সৈতে এখন বৈঠকত অংশ গ্ৰহণ কৰাৰ পিচতে শিলচৰত সংবাদ মাধ্যমৰ আগত এই ইংগিত দিয়ে আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰ জ্যোতি মহন্তই ৷ আৰক্ষীৰ জেৰাত ছাৰ্জিল ইমামে কি কি তথ্য সদৰী কৰিছে,সেয়া তদন্তৰ স্বাৰ্থত সদৰী কৰাৰ পৰা বিৰত থাকিলেও ছাৰ্জিলৰ সৈতে অসমৰ কেবাজনো বুদ্ধিজীৱী আৰু সাংবাদিকৰ যোগসূত্ৰ থকা বিষয়টো নুই কৰা নাই আৰক্ষীৰ সঞ্জালক প্ৰধানজনে ৷

ছাৰ্জিল ইমামক লৈ গুৰুত্বপূৰ্ণ মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ

আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব লোৱাৰ পিচত প্ৰথমবাৰৰ বাবে বৰাকলৈ যোৱা আৰক্ষী বিষয়া জনে শনিবাৰে শিলচৰত এক গুৰুত্বপুৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে ৷ কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত অনুষ্ঠিত এই বৈঠকত অপৰাধ নিয়ন্ত্ৰণ আৰু যানজঁটৰ সমস্যা নিয়ন্ত্ৰণৰ ওপৰত আলোচনা কৰাৰ লগতে আইন শৃংখলাৰ ওপৰতো আলোচনাত মিলিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকী ৷ তদুপৰি বৰাক আৰক্ষীৰ বিভিন্ন সমস্যা সন্দৰ্ভতো বুজ লয় আৰক্ষী সঞ্চালক প্ৰধানজনে ৷

উল্লেখ্য যে বৈঠকত বৰাকৰ তিনিও খন জিলাৰ আৰক্ষী অধীক্ষৰ উপৰিও ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষকসহ উপস্থিত থাকে বেটেলিয়নৰ ষষ্ঠ (6th) পঞ্চদশ (15th)আৰু 21 তম ৰ অধিনায়কসকল ৷ উল্লেখ্য যে সন্ধিয়া শিলচৰৰ বংগ ভৱনত আয়োজিত এক নাগৰিক সভাতো অংশ গ্ৰহণ কৰিব ভাষ্কৰ জ্যোতি মহন্তই ৷

লগতে পঢ়ক: শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈয়ে হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে টোঘলকী নীতি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.