ETV Bharat / state

ডেংগুৱে প্ৰাণ ল’লে এজনৰ, প্ৰয়োজন সাৱধানতাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 2:22 PM IST

কাছাৰত ডেংগুৰ আতংক ! ডেংগুত আক্ৰান্ত হৈ মৃত্যু এজনৰ ৷ আনহাতে, শিলচৰ মেডিকেলত ভৰ্তি হৈ আছে ২৫ জন আক্ৰান্ত লোক ৷

dengue outbreak in Cachar
ডেংগুৰ প্ৰাদুৰ্ভাৱ

শিলচৰ, ২০ নৱেম্বৰ : ৰাজ্যত আকৌ ডেংগুৰ প্ৰাদুৰ্ভাৱ ৷ বিগত কিছু সময় ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত ডেংগুৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷ কেইবাজনো লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু সংখ্যক লোক ডেংগুত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল ৷ বিভিন্ন স্থানত স্বাস্থ্য বিভাগৰ ফালৰ পৰা সজাগতামূলক সভা আয়োজন কৰাৰ লগতে বিভিন্ন ঠাইত পৌৰসভাই অভিযানো চলাইছিল ৷

অভিযান কালত তেওঁলোকে নিৰীক্ষণ কৰিছিল জনসাধাৰণে ঘৰৰ লগতে চাৰিওফালৰ পৰিৱেশ চাফ-চিকুণ কৰি ৰাখিছিল নে নাই ? অস্বাস্থ্যকৰজনিত পৰিৱেশত ডেংগুৰ দৰে মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে, তাৰ বাবে পৌৰসভাই পৰিৱেশ নিকা কৰিবলৈ কিছু কিছু ঠাইত সক্ৰিয় ভূমিকা পালন কৰিছিল ৷

dengue outbreak in Cachar
ডেংগুৰ প্ৰাদুৰ্ভাৱ

শেহতীয়াকৈ বৰাক উপত্যকাৰ কাছাৰত বৃদ্ধি পাইছে ডেংগুৰ প্ৰাদুৰ্ভাৱ ৷ ডেংগুত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে এজনৰ ৷ মৃত লোকজনৰ নাম দিলীপ কুমাৰ নাথ (62) ৷ জিলাখনত ডেংগুত আক্ৰান্ত হৈ বিভিন্ন হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে বহুলোক ৷

চৰকাৰীভাৱে পোৱা হিচাপ অনুসৰি যোৱা কেইদিনমানৰ ভিতৰত ২৫ জনকৈ লোক ডেংগুত আক্ৰান্ত হৈ ভৰ্তি হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ৷ আনহাতে, বেচৰকাৰী তথ্য মতে চহৰৰ বিভিন্ন হাস্পতালত ভৰ্তি হৈ আছে কমেও দহজনকৈ ডেংগুত আক্ৰান্ত লোক ৷ তাৰ মাজতে দেওবাৰে মৃত্যু ঘটে এজনৰ ৷

দিলীপ কুমাৰ নাথ নামৰ 62 বছৰীয়া লোকজন ডেংগুত আক্ৰান্ত হৈ চহৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ কিন্তু দেওবাৰে দিলীপ কুমাৰ নাথৰ মৃত্যু ঘটে ৷ চহৰৰ বিবেকানন্দ ৰোডত ঘৰ মৃত ব্যক্তিজনৰ ৷ কেইদিনমানৰ পূৰ্বে হাফলঙৰ পৰা উভতি আহিছিল নাথ ৷ কিন্তু ঘৰত উপস্থিত হোৱাৰ পিচতেই যথেষ্ট জ্বৰ অনুভৱ কৰে তেওঁ ৷ যোৱা ১১ তাৰিখে এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক ৷ দেওবাৰে আবেলি মৃত্যু ঘটে দিলীপ কুমাৰ নাথৰ ৷

লগতে পঢ়ক : Dengue and eye flu disease in Diphu:ডিফুত ডেংগু আৰু চকু ৰঙা পৰা ৰোগৰ ভয়াৱহ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.