ETV Bharat / state

কাছাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - কেন্দ্ৰকৰি চাঞ্চল্য

সোমবাৰে কাছাৰ জিলাৰ চৈদপুৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰিছে ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷

কাছাৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

author img

By

Published : Jun 22, 2021, 1:24 PM IST

কাছাৰ, 22 জুন: বৰাক উপত্যকাৰ কাছাৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যক ঘটনা ৷ সোমবাৰে কাছাৰ জিলাৰ চৈদপুৰত উদ্ধাৰ হৈছে এটা অচিনাকি মৃতদেহ ৷ বিয়লি ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ তাৰ পাচতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী (POLICE) উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

উল্লেখযোগ্য যে, উদ্ধাৰ কৰাৰ সময়ত আৰক্ষীয়ে মৃতদেহটোৰ মুখত এখন ৰুমালেৰে ঢাকি থোৱা অৱস্থাত পায় ৷ লগতে মৃতদেহটো পৰি থকা স্থানৰ কাষতে এটা চিৰিঞ্জ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আনহাতে মৃতদেহটোৰ ডিঙিত আঘাটৰ চিন পৰিস্ফুট হৈ আছে বুলিও সদৰি কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে মৃত যুৱকজনে পৰিধান কৰি থকা পোছাকৰ পৰা এটা ম’বাইল ফোনো উদ্ধাৰ কৰে ৷

আনহাতে সমগ্ৰ ঘটনাটো হত্যা নে আন কিবা বুলি আৰক্ষীক সাংবাদিকে সোধাত আৰক্ষীয়ে উল্লেখ কৰে যে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পাচতে জানিব পৰা যাব এয়া হত্যা নে আত্মহত্যা বা অন্য বেলগ ঘটনা ৷ সম্প্ৰতি সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে, ৰাজ্যত এনেধৰণৰ ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহিছে ৷ এনেদৰে অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সম্প্ৰতি কাছাৰ জিলাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কি কাৰণত এনেদৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ কোনো অসাধু চক্ৰই এনেদৰে হত্যাকৰি পেলাই থৈ যোৱাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ইপিনেদি মৃতদেহটোৰ কাষত চিৰিঞ্জ উদ্ধাৰ হোৱাক লৈ একাংশ স্থানীয় লোকে নিচাজাতীয় দ্ৰব্য সেৱণ কৰিয়েই মৃত্যুক আকোঁৱালি লৈছে বুলিও সন্দেহ প্ৰকাশ কৰা দেখা গৈছে ৷ মনকৰিবলগীয়া যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ জিলা আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ প্ৰদান কৰিছে ৷

তাৰ পাচতে সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ইপিনে যি সকলে নিয়মতিভাৱে ড্ৰাগছ সেৱণ কৰি আহিছিল তেওঁলোকে সেৱণ কৰিবলৈ নোপাৱাৰ ফলত বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত কৰা দেখিবলৈ পোৱা গৈছে ৷ এই ঘটনাটোও তেনে এক কাৰণ হোৱাৰো ইংগতি বহন কৰিছে বুলি বিভিন্ন জনে মত পোষণ কৰিব খুজিছে ৷ সেয়া যিয়েই নহওক কিয়, আৰক্ষীৰ সঠিক তদন্তৰ পাচতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

লগতে পঢ়কঃ প্লাষ্টিকৰ বটলৰ নাৱেৰে মাজুলীলৈ যাত্ৰা ধীৰাজ বিকাশ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.