কাছাৰ,19 চেপ্তেম্বৰঃ শিলচৰৰ তপোবন নগৰত উদ্ধাৰ হয় এটা মৃতদেহ ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো ৷
এটা বিদ্যুতৰ খুটাত উলমি থকা অৱস্থাত ৰাইজে দেখা পায় লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্ত আত্মহত্যা নে হত্যা সেয়া একো পোহৰলৈ অহা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পিচতহে পোহৰলৈ আহিব প্ৰকৃত সত্য ৷
ইফালে ঘটনাস্থলীত কোনোধৰণৰ টোকা উদ্ধাৰ নোহোৱালৈ চায় একাংশ স্থানীয় লোকৰ সন্দেহ কোনো লোকে হত্যা কৰি ওলমাই থৈ গৈছে মৃতদেহটো ৷ কিয়নো আত্মহত্যা কৰাৰ দৰে কোনো লক্ষণ দেখা নাই মৃতদেহটোত ৷ বিপৰীতে আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব সকলো ঘটনা ৷