কাছাৰ, 3 জুলাই : কাছাৰ জিলাৰ ময়নাৰবন্দ পথত শুকুৰবাৰে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ যুৱকজনৰ নাম অনুপ নাথ আৰু তেওঁৰ ঘৰ উত্তৰ কৃষ্ণপুৰত বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, স্থানীয় লোকে মৃতদেহটো পথৰ কাষত প্ৰত্যক্ষ কৰাৰ পিছত খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ যুৱকজনক কোনোবাই হত্যা কৰি পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষী আৰু স্থানীয় ৰাইজে ৷
মৃত যুৱকজনৰ শৰীৰত বহু আঘাতৰ চিন পৰিলক্ষিত হৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ