ETV Bharat / state

বিশেষ চৰ্চা লাভ কৰা এখন হাই প্ৰফাইল বিবাহ... - কীৰ্তি জলী

কৰ’ণা মহামাৰীৰ মাজতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল শিলচৰৰ উপায়ুক্ত হিচাপে কৰ্মৰত কীৰ্তি জলীৰ ৷ কিন্তু কৰ্তব্যক নেওচা দি উপায়ুক্তগৰাকীয়ে বিয়াৰ বাবে ঘৰলৈ যাব পৰা নাছিল ৷ সেয়ে উপায়ুক্তগৰাকীয়ে হ’বলগীয়া দৰা আদিত্য শশীকান্তকে মাতি পঠিয়ালে চৰকাৰী বাসভৱনলৈ ৷ সম্পূৰ্ণৰূপে ক'ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা বিয়াখনে সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে ৷

DC married silchar assam etv bharat news
শিলচৰৰ উপায়ুক্ত কীৰ্তি জলীৰ বিবাহ
author img

By

Published : Sep 10, 2020, 10:54 PM IST

শিলচৰ,10 ছেপ্তেম্বৰ: বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিলে এখন বিয়াই ৷ বিশেষকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা বিয়াখনে লাভ কৰিছে বিশেষ প্ৰশংসা ৷ কৰ’ণা ভাইৰাছৰ বাবে অনুষ্টুপীয়াকৈ সম্পন্ন কৰা বিয়াখনত উপস্থিত নাছিল কোনো অতিথি ৷ দৰা-কইনাক অভিনন্দন জনাবলৈ উপস্থিত হ’ল জিলাখনৰ আৰক্ষীৰ এগৰাকী উপ-মহাপৰিদৰ্শক পৰ্যায়ৰ বিষয়া,কেইবাগৰাকীও অতিৰিক্ত উপায়ুক্তৰ লগতে জিলা আৰক্ষী অধীক্ষক । শিলচৰৰ উপায়ুক্তৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত বিয়াখনৰ কইনাৰ সাজত দেখা যায় স্বয়ং উপায়ুক্ত কীৰ্তি জলীক ৷

DC married silchar assam etv bharat news
শিলচৰৰ উপায়ুক্ত কীৰ্তি জলীৰ বিবাহ

কৰ’ণা মহামাৰীৰ মাজতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল শিলচৰৰ উপায়ুক্ত হিচাপে কৰ্মৰত কীৰ্তি জলীৰ ৷ কিন্তু কৰ্তব্যক নেওচা দি উপায়ুক্তগৰাকীয়ে বিয়াৰ বাবে ঘৰলৈ যাব পৰা নাছিল ৷ সেয়ে উপায়ুক্তগৰাকীয়ে হ’বলগীয়া দৰা আদিত্য শশীকান্তকে মাতি পঠিয়ালে চৰকাৰী বাসভৱনলৈ ৷ সম্পূৰ্ণৰূপে ক'ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা বিয়াখনে সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে ৷ উক্ত বিবাহত পৰিয়ালৰ লোক বুলিবলৈ মাত্ৰ জলীৰ ভগ্নী উপস্থিত আছিল ৷ উল্লেখ্য যে,বিবাহৰ বাবেও কোনোদিনে ছুটী নল’লে শিলচৰৰ উপায়ুক্তগৰাকীয়ে ৷

লগতে চাওকঃ আজি বিশিষ্ট কবি নীলমণি ফুকনৰ 87 সংখ্যক ওপজা দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.