কাছাৰ, ২৯ ছেপ্টেম্বৰ: শিলচৰৰ লক্ষীপুৰৰ লালাং বস্তিৰ অংগনবাড়ী কেন্দ্ৰত শুভাৰম্ভ কৰা হৈছে পোষণ মাহ কাৰ্যসূচীৰ । মঙলবাৰে কাছাৰৰ জিলা উপায়ুক্ত কৃতী জ্বলিয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছে এই কাৰ্যসূচীৰ । এই কাৰ্যসূচীৰ জৰিয়তে অংগনবাড়ী কৰ্মীসকলে অন্তঃসত্বা মহিলাসকলৰ লগতে কণমানি শিশুৰ প্ৰয়োজনীয় পুষ্টিকৰ খাদ্যৰ যোগান ধৰাৰ লগতে অন্যান্য সেৱা আগবঢ়াব । উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি জিলা উপায়ুক্তগৰাকীয়ে অন্তঃসত্বা মহিলাসকলক নিজৰ গৰ্ভত থকা সন্তানৰ সুস্বাস্থ্যৰ স্বাৰ্থত সেউজীয়া শাক-পাচলি তথা পুষ্টিকৰ আহাৰ গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায় ।
লগতে পঢ়ক: 108 তে সন্তান প্ৰসৱ ক’ভিড-19 আক্ৰান্ত মহিলাৰ