ETV Bharat / state

কাছাৰত আৰম্ভ Covid-১৯ ৰ টীকাকৰণ - কাছাৰতো আৰম্ভ Covid-১৯ ৰ টীকাকৰণ

আৰম্ভ হ'ল কৰ'ণাৰ বহু প্ৰতীক্ষিত টীকাকৰণ । কাছাৰ জিলাত আৰম্ভ হৈছে টীকাকৰণ । টীকাকৰণ প্ৰদানৰ বাবে কাছাৰত মুঠ ২৫ টা কেন্দ্ৰ স্থাপন কৰা হৈছে ।

কাছাৰ জিলাত আৰম্ভ হৈছে টীকাকৰণ
কাছাৰ জিলাত আৰম্ভ হৈছে টীকাকৰণ
author img

By

Published : Jan 16, 2021, 5:25 PM IST

শিলচৰ,১৬ জানুৱাৰী: সমগ্ৰ দেশৰ বাবে শনিবাৰৰ দিনটো এটা ঐতিহাসিক দিন । কিয়নো শনিবাৰৰ পৰাই সমগ্ৰ দেশতে আৰম্ভ হৈছে Covid-১৯ ৰ টীকাকৰণ প্ৰক্ৰিয়া । বিগত প্ৰায় এটা বছৰ ধৰি মহামাৰী Covid-১৯ ৰ সংহাৰত তচ-নচ হৈ পৰিছিল বিশ্ব তথা সমগ্ৰ দেশ । কিন্তু আজি টীকাকৰণ হোৱাৰ পিছতেই স্বস্তিৰ নিঃশ্বাস পেলাইছে দেশবাসীয়ে । ইতিমধ্য়ে প্ৰতিখন ৰাজ্যতে আৰম্ভ হৈছে এই টীকাকৰণ প্ৰক্ৰিয়া । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কাছাৰ জিলাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ সতীন্দ্ৰ মোহন দেৱ অসামৰিক চিকিৎসালয়ত আৰম্ভ হৈছে Covid-১৯ ৰ টীকাকৰণ প্ৰক্ৰিয়া ।

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰথমে টীকাকৰণ গ্ৰহণ কৰিলে অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱা আৰু পদ্মশ্ৰী ডাঃ ৰবি কান্নানে ৷ লগতে শিলচৰ সতীন্দ্ৰ মোহন দেৱ অসামৰিক চিকিৎসালয়ত প্ৰথমে টীকাকৰণ গ্ৰহণ কৰিলে কাছাৰত প্ৰথম ক'ভিড আক্ৰান্ত চিকিৎসক ডাঃ জুৰি শৰ্মাই । এই দুয়োটা স্বাস্থ্য কেন্দ্ৰত শনিবাৰৰ দিনটোত ১০০ গৰাকী ক'ভিড যোদ্ধাক Covid-১৯ ৰ টীকাকৰণ দিয়া হ'ব । টীকাকৰণ প্ৰদানৰ বাবে কাছাৰত মুঠ ২৫ টা কেন্দ্ৰ স্থাপন কৰা হৈছে ।

লগতে পঢ়ক:ৰঙিয়াত পুনৰ নিৰুদ্দেশ 27 বছৰীয়া মহিলা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.