শিলচৰ, 3 ছেপ্তেম্বৰঃ দুডালকৈ শক্তিশালী তথা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংযোগৰ ফলতে কাছাৰত সংঘটিত হয় ভয়ংকৰ অঘটন ৷ মঙলবাৰে দিনৰ ভাগত জিলাখনৰ উধাৰবন্দ গোসাইপুৰত সংঘটিত হয় এই ঘটনা ৷ 132 KV ক্ষমতাসম্পন্ন Grid Line আৰু BPL Line ৰ সংযোগৰ ফলতে গাঁৱখনৰ বহুকেইটা পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে দুজনকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হয় ৷
ঘটনাৰ ফলত বহুকেইটা পৰিয়ালৰ বৈদ্যুতিক সামগ্ৰী জ্বলি যোৱাৰ লগতে ধ্বংস হয় আন বহু সম্পত্তি ৷ ঘটনা সম্পৰ্কে শক্তি বিভাগক জনোৱাৰ পিচটো বিভাগীয় কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক দুজনক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ৷