ETV Bharat / state

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ - অসম প্ৰদেশ কংগ্ৰেছ কমিতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভাৱনীয় মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ৷ পেট্ৰ’ল-ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শিলচৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শিলচৰ জিলা কংগ্ৰেছ কমিটীয়ে ৷

Congress protests in Silchar for demanding price rise control
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Jul 16, 2021, 9:19 AM IST

শিলচৰ, 16 জুলাই : দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভাৱনীয় মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাত ৰাখিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ (AICC) লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ এইবাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শিলচৰ কপালে কংগ্ৰেছে ৷

পেট্ৰ’ল-ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শিলচৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিলচৰ জিলা কংগ্ৰেছ কমিটীয়ে ৷ প্ৰতিবাদৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত গণ স্বাক্ষৰ গ্ৰহণ কৰে জিলা কংগ্ৰেছ কমিটীয়ে ৷ গণ স্বাক্ষৰ পত্ৰত শতাধিক লোকে স্বাক্ষৰ কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচীতো শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ

উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে (Sushmita Dev) ৷ প্ৰতিবাদস্থলিত শাসক দল বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছ নেত্ৰী গৰাকী ৷

মোডী চৰকাৰৰ তীব্ৰ সমালোচনা কৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে কয়, চলিত বছৰত 65 বাৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰিছে ভাৰত চৰকাৰে ৷ বিগত 7 বছৰত বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰি 85 লাখ কোটি টকা ৰাজহ লাভ কৰিছে ৷ গতিকে বিজেপি চৰকাৰখনক গণ বিৰোধী চৰকাৰ আখ্যা দিয়ে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে ৷

লগতে পঢ়ক: মানৱ অংগ সৰবাহৰৰ তদন্ত বিচাৰি মমতালৈ চিঠি গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.