ETV Bharat / state

কাছাৰৰ ধলাইত কংগ্ৰেছৰ বিশাল গণ হুংকাৰ ৰেলি

author img

By

Published : Feb 4, 2021, 9:32 PM IST

Updated : Feb 5, 2021, 10:23 AM IST

বৃহস্পতিবাৰে কাছাৰ জিলাৰ ধলাই সমষ্টিত অনুষ্ঠিত হল কংগ্ৰেছৰ বিশাল জন হুংকাৰ ৰেলি ৷ এই জন হংকাৰ ৰেলিৰ মাধ্যমৰে বৰাকত নিৰ্বাচনী ৰণ ডংকা বজালে কংগ্ৰেছৰ কেন্দ্ৰীয় আৰু প্ৰদেশ নেতৃত্বই ৷ 2021 ত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি দাবী কংগ্ৰেছী নেতাৰ ৷

congress-mass-rally-at-cacher
কাছাৰৰ ধলাইত কংগ্ৰেছৰ বিশাল গণ হুংকাৰ ৰেলি

শিলচৰ,4 ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী ৷ যাৰ বাবে এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে কাছাৰ জিলাৰ ধলাই সমষ্টিত অনুষ্ঠিত হল কংগ্ৰেছৰ জন হুংকাৰ ৰেলি ৷ এই জন হংকাৰ ৰেলিৰ মাধ্যমৰে কংগ্ৰেছৰ কেন্দ্ৰীয় আৰু প্ৰদেশ নেতৃত্বই বৰাকত বজালে নিৰ্বাচনী ৰণ ডংকা ৷ ৰেলিৰ পাছতে অনুষ্ঠিত হোৱা জনসভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ নেতৃত্বই ৷ বিজেপি চৰকাৰ কেৱল ধনী সকলৰ চৰকাৰ বুলি উল্লেখ কৰি এইবাৰ ৰাইজে বিজেপিক উৎখাত কৰিব বুলি মন্তব্য কৰে কংগ্ৰেছৰ নেতা সকলে ৷ জনসভাত অংশগ্ৰহণ কৰি বিজেপিয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত বিধি পথালি দি বিদেশী নাগৰিকৰ সমস্যা জীয়াই ৰখাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷

আনহাতে বৰ্তমান সময়ত ডিটেনচন কেম্পত বন্দী হৈ থকা 85 শতাংশ লোক হিন্দু বঙালী বুলি উল্লেখ কৰি ডিটেনচন কেম্পত এতিয়ালৈকে 56 গৰাকী হিন্দু-বাঙালী লোকৰ মৃত্যু হৈছে বুলি উল্লেখ কৰে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ এনেদৰে হিন্দু বঙালী লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়া আৰু নিৰ্বাচনৰ পূৰ্বে হিন্দু-মুছলমানৰ আৱেগিক ৰাজনীতি কৰা বিজেপিক ভোট নিদিবলৈ আহ্বান জনাই সাংসদ গৰাকীয়ে ৷ ইফালে অসমত যুৱক-যুৱতীক সংস্থাপন দিয়াৰ দাবী কৰি অহা বিজেপি চৰকাৰক চাকৰি পোৱা সকলে ভোট দিয়ক বুলি মন্তব্য কৰি চাকৰি নোপোৱা সকলে কংগ্ৰেছক ভোট দিয়ক বুলি মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰাই ৷

উল্লেখ্য যে, এই জন হুংকাৰ ৰেলিত উপস্থিত থাকে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক শাকিল আহমেদ, প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা, ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ, সাংসদ প্ৰদ্যুৎ বৰদলৈয়, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, অজিত সিং সহ আৰু বহুকেইজন নেতা । বনবন্ত্ৰীৰ পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টিৰ পৰা বৰাকৰ নিৰ্বাচনী ৰনডংকা বজাই 2021 ত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি দাবী কৰে কংগ্ৰেছ নেতৃবৃন্দই ৷

লগতে পঢ়কঃ ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত নিৰ্বাচন

Last Updated : Feb 5, 2021, 10:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.