ETV Bharat / state

বন মন্ত্ৰীৰ গৃহ সমষ্টিত অবৈধ বালি খননৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিযান - illegal sand mining in forest minister's home constituency

বৃহস্পতিবাৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টিৰ ধলাই ফৰেষ্ট ৰেঞ্জৰ অধীনত থকা ৰুকনি নৈত অবৈধ বালি খননৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ অভিযান ৷ অভিযান চলাই পাঁচখন অবৈধ বালি কঢ়িওৱা ট্ৰাক জব্দ কৰি বন বিভাগক গতাই দিয়ে ৷

বন মন্ত্ৰীৰ গৃহ সমষ্টিত অবৈধ বালি খননৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিযান

author img

By

Published : Feb 25, 2021, 7:32 PM IST

শিলচৰ, 25 ফেব্ৰুৱাৰী: বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টিৰ ধলাই ফৰেষ্ট ৰেঞ্জৰ অধীনত থকা ৰুকনি নৈত অবৈধ বালি খনন ৷ বৃহস্পতিবাৰে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী সকলে অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান চলাই পাঁচখন অবৈধ বালি কঢ়িওৱা ট্ৰাক জব্দ কৰে ৷ দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ দুলালগ্ৰামৰ পৰা প্ৰতিদিনে শ শ ট্ৰাক বালি বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ তথা ধলাইৰ বিজেপি নেতা ভূষণ পালৰ বিৰুদ্ধে ৷

বন মন্ত্ৰীৰ গৃহ সমষ্টিত অবৈধ বালি খননৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিযান

উল্লেখ্য যে, স্থানীয় ৰাইজে বন বিভাগক বালি খননৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি আহিছিল যদিও বিভাগীয় কৰ্তপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে ক্ষোভিত হৈ কংগ্ৰেছ কৰ্মী সকলে বালি খননৰ বিৰুদ্ধে অভিযান চলাই পাঁচখন বালি ভৰ্তি ট্ৰাক জব্দ কৰি বন বিভাগক গতাই দিয়াৰ লগতে মন্ত্ৰীৰ ঘনিষ্ঠ ভূষণ পালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷

লগতে পঢ়ক: ৰাইজৰ ৰোষত বাঘবৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.