শিলচৰ,16 জানুৱাৰী: ভূমি বিবাদক কেন্দ্ৰ কৰি শুকুৰবাৰে দূপৰীয়া কাছাৰ জিলাৰ উত্তৰ কৃষ্ণপুৰত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতি ৷ এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট ৷ হাতে হাতে চোকা অস্ত্ৰ তথা লাঠি-জোং লৈ দুই পক্ষৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ আঘাতপ্ৰাপ্ত কেইজনক বৰ্তমান চিকিৎসালয়নত ভৰ্তি কৰোৱা হৈছে ৷
উল্লেখ্য যে, স্থানীয় আইনূল হক লস্কৰ আৰু তৈয়বুৰ লস্কৰৰ মাজত দীৰ্ঘদিন ধৰি ভূমিকেন্দ্ৰিক বিবাদ চলি আহিছিল ৷ যাৰ পৰিণতিত পহিলা মাঘৰ দিনটোতে এই ভূমি বিবাদক কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা ৷ কেৱল আক্ৰমণ প্ৰত্যাক্ৰমণতে ক্ষান্ত নাথাকি একাংশই এটা বাসগৃহতো অগ্নিসংযোগ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ 12 গৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰতিষেধক প্ৰদান জি এম চি এইছত