ETV Bharat / state

ক্ৰীড়াংগনত চিৰাঙৰ মহিলা - চিৰাং জিলা ক্ৰীড়া বিভাগ

চিৰাং জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত আৰম্ভ হোৱা উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচি পৰিষদীয় ক্ৰীড়া বিষয়া (চি এইচ ডি) যজ্ঞৱতী মহিলাৰীয়ে । পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত সম্বৰ্ধনা জনোৱা হয় এচিয়ান এথলিট চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক বিজয়ি চিৰাঙৰ অম্ব্ৰিকা নাৰ্জাৰিক৷

ক্ৰীড়াংগনত চিৰাঙৰ মহিলা
author img

By

Published : Mar 23, 2019, 6:17 PM IST

চিৰাং, 23 মাৰ্চঃ শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ২৫ মাৰ্চলৈচিৰাঙত অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক আন্তঃবি টি এ ডি মহিলা ক্ৰীড়া সমাৰোহ । চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আৰম্ভ হৈছে এই কাৰ্যসূচী ৷ চিৰাং জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত আৰম্ভ হোৱা এইকাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচি পৰিষদীয় ক্ৰীড়া বিষয়া (চি এইচ ডি) যজ্ঞৱতী মহিলাৰীয়ে ।

চিৰাঙত আৰম্ভ ষষ্ঠ বাৰ্ষিক আন্ত:বিটিএডি মহিলা ক্ৰীড়া সমাৰোহ
পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয় এচিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক বিজয়ী চিৰাঙৰ অম্ব্ৰিকা নাৰ্জাৰীক ৷ নাৰ্জাৰীয়ে 17 মাৰ্চত চীন দেশৰ হংকঙত অনুষ্ঠিত হোৱা এচিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত তৃতীয় স্থান লাভ কৰিছিল৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলা ক্ৰীড়া বিষয়া দশৰথব্ৰহ্ম,বাক্সা জিলা ক্ৰীড়া বিষয়া নৱজ্যোতি বসুমতাৰী, চিৰাং জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মনোলাল বসথমতাৰী, বৰ্তমান চিৰাং জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক অমৃত নাৰ্জাৰী লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী ।

ষষ্ঠ বাৰ্ষিক আন্তঃবিটিএডি মহিলা ক্ৰীড়া সমাৰোহত বিটিএডিৰ প্ৰতিখন জিলাৰ পৰা সৰ্বমুঠ 74 গৰাকী মহিলা খেলুৱৈয়ে অংশ লোৱা বুলি জনায় চিৰাং জিলা ক্ৰীড়া বিষয়া দশৰত ব্ৰহ্মই । উক্ত সমাৰোহত ফুটবল, ভলীবল, দৌৰ ,কাবাডী আৰু আৰ্চাৰী খেল অনুষ্ঠিত হ'ব ।

উল্লেখ্য যেবিটিএডিত মহিলাসকলৰ প্ৰতিভা বিকাশৰ সুবিধা প্ৰদানৰ উদ্যেশ্যেৰে বিটিচি প্ৰশাসনে ক্ৰীয়া বিভাগৰ সহযোগত প্ৰতি বছৰে উক্ত প্ৰতিযোগীতাৰ আয়োজন কৰে ৷

Intro:আজিৰে পৰা তিনিদিনীয়াকৈ ২৫ মাৰ্চ লৈ
চিৰাঙত অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক আন্ত: বিটিএডি মহিলা ক্ৰীড়া সমাৰোহ । আন্তৰ্জাতিক ব্ৰঞ্জ পদক বিজয়ি অম্ব্ৰিকা নাৰ্জাৰীক সন্মৰ্ধনা, ৫০ হেজাৰ টকাৰ নগদ আৰ্থিক সহায়

Body:

আজিৰে পৰা তিনিদিনীয়াকৈ ২৫ মাৰ্চ লৈ
চিৰাঙত অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক আন্ত: বিটিএডি মহিলা ক্ৰীড়া সমাৰোহ । আন্তৰ্জাতিক ব্ৰঞ্জ পদক বিজয়ি অম্ব্ৰিকা নাৰ্জাৰীক সন্মৰ্ধনা, ৫০ হেজাৰ টকাৰ নগদ আৰ্থিক সহায় । 

 ষষ্ঠ বাৰ্ষিক আন্ত: বিটিএডি মহিলা ক্ৰীড়া সমাৰোহ আজিৰে পৰা ২৫ মাৰ্চ তিনিদিনীয়া কাৰ্যসুচিৰে  চিৰাং জিলাৰ সদৰ কাজলগাঁওত আৰম্ভ হৈছে । চিৰাং জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখন  জিলা সদৰ কাজলগাঁওৰ প্ৰেমসিং ব্ৰহ্ম সোঁৱৰনি ষ্টোডিয়ামত ২৫ অনুৰ্ধ মহিলা সকলৰ ফুটবল, ভলিবল, দৌৰ প্ৰতিযোগীতা,কাবাডী আৰু আৰ্চাৰি খেল অনুষ্ঠিত হৈছে । এই মহিলা ক্ৰীড়া সমাৰোহত প্ৰতি খন জিলাৰ পৰা ফুটবলত ১৮+২ জনী,ভলী বলত ১২+১ জনী,কাবাডীত ১২+১ জনী,আৰ্চাৰিত ৮+১ জনী আৰু দৌৰত ১৮+১ জনী কৈ মহিলা খেলুৱৈয়ে অংশগ্ৰহন কৰিছে । বিটিএডিৰ প্ৰতিখন জিলাৰ পৰা সৰ্ব্বমুঠ ৭৪ জনকৈ মহিলা খেলুৱৈয়ে অংশ লোৱা বুলি জনায় চিৰাং জিলা ক্ৰীড়া বিষয়া দশৰত ব্ৰহ্মই । এই ষষ্ঠ বাৰ্ষিক আন্ত: বিটিএডি মহিলা ক্ৰীড়া সমাৰোহৰ পতকা উত্তোলন কৰি শুভাৰম্ভ কৰে বিটিচি পৰিষদীয় ক্ৰীড়া বিষয়া (চি এইচ ডি) যজ্ঞৱতী মহিলাৰীয়ে । যোৱা ১৭ মাৰ্চ চীন দেশৰ হংকঙত অনুষ্ঠিত হোৱা এচিয়ান এথলিট চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক বিজয়ি চিৰাঙৰ অম্ব্ৰিকা নাৰ্জাৰিক সম্বৰ্ধনা জনোৱাৰ লগতে চিৰাং জিলা ক্ৰীড়া সন্থাৰ সভাপতি মন্ত্ৰী চন্দন ব্ৰহ্মই আগবঢ়োৱা নগদ ৫০ হেজাৰ টকাও প্ৰদান কৰে বিটিচিৰ ক্ৰীড়া বিষয়া জনে । আজিৰ এই মহিলা ক্ৰীড়া সমাৰোহত চিৰাং জিলা ক্ৰীড়া বিষয়া দশৰত ব্ৰহ্ম,বাক্সা জিলা ক্ৰীড়া বিষয়া নৱজ্যোতি বসুমতাৰী,চিৰাং জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মনোলাল বসথমতাৰী,বৰ্তমান চিৰাং জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক অমৃত নাৰ্জাৰী লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক,ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । চিৰাং আৰু উদালগুৰী দলৰ মাজত ফুটবল খেলেৰে প্ৰতিযোগীতাৰ আৰম্ভনি কৰে বিটিচিৰ ক্ৰীড়া বিষয়া যজ্ঞৱতি মহিলাৰীয়ে  । 

বাইট : যজ্ঞৱতি মহিলাৰী,বিটিচি পৰিষদীয় ক্ৰীড়া বিষয়া (চি এইচ ডি) ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

Conclusion:আজিৰ এই মহিলা ক্ৰীড়া সমাৰোহত চিৰাং জিলা ক্ৰীড়া বিষয়া দশৰত ব্ৰহ্ম,বাক্সা জিলা ক্ৰীড়া বিষয়া নৱজ্যোতি বসুমতাৰী,চিৰাং জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মনোলাল বসথমতাৰী,বৰ্তমান চিৰাং জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক অমৃত নাৰ্জাৰী লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক,ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । চিৰাং আৰু উদালগুৰী দলৰ মাজত ফুটবল খেলেৰে প্ৰতিযোগীতাৰ আৰম্ভনি কৰে বিটিচিৰ ক্ৰীড়া বিষয়া যজ্ঞৱতি মহিলাৰীয়ে  । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.