ETV Bharat / state

কাছাৰত অৰুণোদয় আঁচনি গেৰুৱাকৰণৰ অভিযোগ কংগ্ৰেছৰ

বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথে অৰুণোদয় আঁচনিক বিজেপিকৰণ কৰাৰ অভিযোগ চালচাপৰা উন্নয়ণ খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলৰ ৷ চৰকাৰী নিয়ম অনুসৰি অতি শীঘ্ৰে এই আঁচনিৰ ফৰ্মসমূহ পঞ্চায়তৰ কাৰ্যালয়ৰ জৰিয়তে বিতৰণ নকৰিলে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

author img

By

Published : Sep 15, 2020, 7:56 PM IST

Cachar Arunadoya scheme scam
কাছাৰত অৰুণোদয় আঁচনি গেৰুৱাকৰণৰ অভিযোগ কংগ্ৰেছৰ

শিলচৰ, 15 ছেপ্তেম্বৰঃ কাছাৰ জিলাত বিজেপিকৰণ কৰা হৈছে দৰিদ্র লোকসকলৰ বাবে ঘোষণা কৰা অৰুণোদয় আঁচনি ৷ চৰকাৰী নীতি নিয়ম ভৰিৰে মোহাৰি বিজেপি বিধায়ক সকলে উন্নয়ণ খণ্ড আৰু পৌৰ সভাৰ কাৰ্যালয়ৰ পৰা এই আঁচনিৰ ফৰ্মসমূহ নিজৰ জিন্মালৈ নিয়া বুলি গুৰুতৰ অভিযোগ কংগ্ৰেছৰ ৷ চৰকাৰী নিয়ম অনুসৰি হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ফৰ্মসমূহ সংশ্লিষ্ট গাঁও পঞ্চায়তৰ কাৰ্যালয়তে জমা দিব লাগে ৷ কিন্তু কাছাৰ জিলাৰ একংশ বিজেপি বিধায়কে এই ফৰ্মসমূহ নিজৰ জিম্মালৈ নি বিজেপি কৰ্মীৰ দ্বাৰা দলীয় কৰ্মীসকলৰ মাজতহে বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে,বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথৰ বিৰুদ্ধে এই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে চালচাপৰা উন্নয়ণ খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি সকলে । মঙলবাৰে চালচাপৰাত এক সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পঞ্চায়তৰ সভাপতিসকলে অৰুণোদয় আঁচনিখন সম্পূৰ্ণ গেৰুৱাকৰণ কৰা বুলি মন্তব্য কৰে ৷ চৰকাৰী নিয়ম অনুসৰি অতি শীঘ্ৰে এই আঁচনিৰ ফৰ্মসমূহ পঞ্চায়তৰ কাৰ্যালয়ৰ জৰিয়তে বিতৰণ নকৰিলে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক-শাওনৰ পথাৰৰ অনুৰূপ দৃশ্যৰে বোকাময় এটা পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.