ETV Bharat / state

অসম-মিজোৰাম সীমান্তৰ বিস্ফোৰণস্থলীত উপস্থিত ADGP

author img

By

Published : Jul 11, 2021, 8:41 AM IST

অসম-মিজোৰাম সীমান্তত বিগত কেইবাদিন ধৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ৷ সীমান্তৰ পৰিস্থিতি যিকোনো সময়তে আৰু অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ আনকি সীমান্তৰ পথ নিৰ্মাণৰ কামতো মিজোসকলে দীৰ্ঘদিন ধৰি বাধা আৰোপ কৰি আহিছিল ৷

Bomb blast at assam mizoram border
কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তত বোমা বিস্ফোৰণ

কাছাৰ, 11 জুলাই : কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তৰ ধলাখালত শুকুৰবাৰে বোমা বিস্ফোৰণ সংঘটিত হয় ৷ সীমান্তৰ এটা পথ নিৰ্মাণ কৰিবলৈ যোৱা অসমৰ প্ৰশাসনিক বিষয়াসকলক লক্ষ্য কৰি মিজো দুষ্কৃতিকাৰীয়ে গ্ৰেণেড নিক্ষেপ কৰে ৷ ইয়াৰ ফলত কাছাৰৰ সীমান্ত অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশেষত ঘটনাস্থলীত অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তসহ আৰক্ষীৰ এক বিশাল বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

সীমান্তৱৰ্তী অঞ্চলটোত পৰিস্থিতি যিকোনো সময়তে অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকসকলক অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে (ADGP) বাধা দিয়ে ৷ আনকি ৰহস্যজনকভাৱে কৰ্তব্যৰত সাংবাদিকৰ কেমেৰাৰ পৰা ভিডিঅ’ ডিলিট কৰাৰো অভিযোগ উত্থাপিত হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ বিৰুদ্ধে ৷

ঘটনাস্থলীত উপস্থিত ADGP হৰমিত সিং

জানিব পৰা মতে, শুকুৰবাৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) হৰমিত সিঙৰ নেতৃত্বত কাছাৰ আৰক্ষীৰ এটা দলে এটা পথ নিৰ্মাণৰ বাবে সীমান্তৱৰ্তী ধলাখালত উপস্থিত হৈছিল ৷ দীৰ্ঘদিন ধৰি মিজোসকলে এই পথ নিৰ্মাণত বাধা আৰোপ কৰি আহিছিল ৷ যাৰ বাবে দল-বলে সেইস্থানত গৈ উপস্থিত হৈছিল অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ৷

কিন্তু দলটো ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত মিজোসকলে এই নিৰ্মাণ কাৰ্যত বাধা আৰোপ কৰে ৷ ফলত দুয়োপক্ষৰ মাজত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ পিছে হৰমিত সিঙৰ নিৰ্দেশত অসম আৰক্ষীয়ে মিজোসকলক সেই স্থানৰ পৰা খেদি পঠিয়াই পথটো নিৰ্মাণ কৰে ৷ কিন্তু মিজোসকল অলপ দূৰত গৈ অসম আৰক্ষীক লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰে ৷

Bomb blast at assam mizoram border
অসম-মিজোৰাম সীমান্তত বোমা বিস্ফোৰণ

ইয়াৰ ফলত সীমান্তৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত সংবাদিকসকল গৈ উপস্থিত হয় যদিও তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) হৰমিত সিঙে ৷ ৰহস্যজনকভাৱে কেইগৰাকীমান সাংবাদিকৰ কেমেৰাৰে লোৱা উক্ত স্থানৰ ভিডিঅ’ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বলপূৰ্বকভাবে ডিলিট কৰি দিয়ে ৷ এই কাৰ্যই স্বাভাৱিকতে ঘটনাটো অধিক ৰহস্য ঘনীভূত কৰি তোলে ৷

লগতে পঢ়ক : বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ABVPৰ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.