গুৱাহাটী আৰু বৰখলা, 30 অক্টোবৰঃ দেশব্যাপী চলি থকা বিজেপিৰ গান্ধী সংকল্প যাত্ৰা অসমটো পালন কৰা হয় ৷ বুধবাৰে ৰাজ্যৰ গুৱাহাটী আৰু বৰখলাত বিজেপিয়ে উলিয়াই গান্ধী সংকল্প যাত্ৰা ৷ গুৱাহাটীত সাংসদ কুইন ওজাৰ নেতৃত্বত উলিওৱা হয় গান্ধী সংকল্প যাত্ৰা ৷ প্ৰদূষণ মুক্ত ভাৰত আৰু প্ৰদূষণ মুক্ত অসম গঢ়াৰ উদ্দেশ্যৰে লতাশিলৰ পৰা উলুবাৰীলৈ উলিওৱা হয় এই সংকল্প যাত্ৰা । যাত্ৰাত ভাগ লয় সাংসদ কুইন ওজাৰ লগতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, বিধায়ক সুমন হৰিপ্ৰিয়াকে ধৰি বিজেপিৰ বহুকেইগৰাকী শীৰ্ষ নেতাৰ লগতে বহুসংখ্যক কৰ্মীয়ে ৷
আনহাতে বৰাক উপত্যকাৰ বৰখলাটো বাহিৰ কৰা হয় গান্ধী সংকল্প যাত্ৰা ৷ বুধবাৰে বৰখলা সমষ্টিৰ ভাঙ্গাৰপাৰ মহামায়া মন্দিৰ প্ৰাংগণৰ পৰা বাহিৰ কৰা হয় এই সংকল্প যাত্ৰা ৷ যাত্ৰাত অংশগ্ৰহণ কৰে শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰায়ৰ লগতে স্থানীয় বিধায়ক কিশোৰ নাথসহ বহুসংখ্যক বিজেপি কৰ্মী তথা স্থানীয় ৰাইজে ৷