শিলচৰ,12 ছেপ্তেম্বৰ: শিলচৰত মুকলি হল কৃষি বিভাগৰ ভূমি পৰীক্ষাগাৰৰ লগতে চৰকাৰী বিভিন্ন আঁচনিৰ ৰূপায়নৰ সুবিধাৰ বাবে ব্যৱহৃত কাৰ্যালয় ৷ বৃহস্পতিবাৰে শিলচৰৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কাৰ্যালয়টো উদ্ধোধন কৰে ৰাজ্যিক কৃষি মন্ত্ৰী অতুল বৰাই ৷ সভাত অংশগ্ৰহন কৰি বৰাক উপত্যকাৰ কৃষক সকলৰ উন্নতিৰ কাৰণে শিলচৰৰ পশু চিকিৎসালয়খন অচিৰেই উন্নত মানৰ কৰা হ'ব আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে ভাষণৰ মাজতে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় অতুল বৰাই ৷ কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰী গৰীকীয়ে উল্লেখ কৰে যে বিগত দিনত যিমানে আঁচনি ৰূপায়ন হৈ আহিছে সেই সকলবোৰ সঠিক ৰূপত ৰূপায়ন হোৱা নাই ৷ গতিকে ৰাইজে নিজৰ মাজতে সজাগতা সৃষ্টি কৰি আঁচনি সমুহ সঠিক ৰূপায়ন কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷