ETV Bharat / state

অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ

author img

By

Published : Jun 11, 2021, 6:59 PM IST

Updated : Jun 12, 2021, 2:02 PM IST

বৃহস্পতিবাৰে অসম-মিজোৰাম সীমান্ত (Assam-Mizoram border)পৰিদৰ্শন কৰিবলৈ গৈ মিজো দুৰ্বৃত্তৰ ৰোষত পৰিল অসমৰ অতিৰিক্ত মুখ্য সচিৱ(Additional Chief Secretary of Assam ) জি ডি ত্ৰিপাঠী ৷ দীৰ্ঘদিনে মিজোয়ে আগ্ৰাসন চলাই অহা অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱাত অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত অতিৰিক্ত মুখ্য সচিৱ গৰাকীক মিজো প্ৰশাসনে বাধা প্ৰদান কৰে ৷

as_silchar_assams-additional-chief-secretary-in-the-wrath-of-mizo-police-while-visiting-the-border_vis_ASC10043
সীমান্ত পৰিদৰ্শন কৰিবলৈ গৈ মিজো আৰক্ষীৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ

শিলচৰ,11 জুন: নগাৰ আগ্ৰাসনৰ পাচত অসম ভূমিত এইবাৰ মিজোৰ আগ্ৰাসন ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পাচতে বৃহস্পতিবাৰে অসম-মিজোৰাম সীমান্ত (Assam-Mizoram border) পৰিদৰ্শন কৰিবলৈ গৈ আৰু মিজো দুৰ্বৃত্তৰ ৰোষত পৰিল অসমৰ অতিৰিক্ত মুখ্য সচিৱ (Additional Chief Secretary of Assam ) জি ডি ত্ৰিপাঠী ৷

দীৰ্ঘদিনে মিজোয়ে আগ্ৰাসন চলাই অহা অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱাত অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত অতিৰিক্ত মুখ্য সচিৱ গৰাকীক মিজো প্ৰশাসনে বাধা প্ৰদান কৰি কয়, এয়া মিজো ভূমি৷ ইয়াত প্ৰৱেশৰ বাবে মিজোৰাম চৰকাৰৰ অনুমতিৰ প্ৰয়োজন হ'ব ৷ তাৰ পাচতে কাছাৰ জিলা প্ৰশাসনৰ তথা আৰক্ষী বিষয়াৰ লগত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ দলটোৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ কাছাৰ জিলা প্ৰশাসনৰ মতে, অসম ভূমিত প্ৰৱেশৰ বাবে মিজোৰামৰ অনুমতিৰ কি দৰকাৰ ?

অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ

মন কৰিবলগীয়া যে, ঘটনাৰ সময়ত মিজো দুস্কৃতিকাৰীৰ দলটোৰ লগত উপস্থিত আছিল কেন্দ্ৰীয় পুলিচ বাহিনীৰ কিছু লোক ।

ইফালে,অতিৰিক্ত মুখ্য সচিৱগৰাকীৰ কনভয়ক বাট আগচি মিজো দুৰ্বৃত্তৰ দলটোৱে ৷ উভয় পক্ষৰ বাক-বিতণ্ডাৰ অন্তত ঘটনাস্থলীৰ পৰা উভতি আহে অতিৰিক্ত মুখ্য সচিৱ জি ডি ত্ৰিপাঠী ৷ পোনে পোনে ধলাই বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ জিলাখনৰ শীৰ্ষ বিষায়ৰ সৈতে সীমান্ত পৰিস্থিতি সন্দৰ্ভত এখন বৈঠকত মিলিত হয়৷ বৈঠকত অসমৰ প্ৰায় 3 কিলোমিটাৰ ভূমি মিজোৱে অধিগ্ৰহণ কৰাৰ তথ্য পোহৰলৈ আহে ৷ আলোচনাৰ অন্তত পোনে পোনে সচিৱ গৰাকী হাইলাকান্দিলৈ ৰাওনা হয় ৷

উল্লেখ্য যে, অসমৰ মাটিত চুবুৰীয়া ৰাজ্যৰ বেদখল কোনো নতুন কথা নহয় । বিগত কেইবা দশকজুৰি দিছপুৰৰ মছনদত বহি অহা চৰকাৰসমূহৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ হাজাৰ হাজাৰ বিঘা মাটি ইতিমধ্যে বেদখল কৰিছে চুবুৰীয়া ৰাজ্যসমূহে । চৰকাৰী তথ্যত প্ৰকাশ পোৱা অনুসৰি সম্প্ৰতি নাগালেণ্ডে অসমৰ ৫৯,৪৯০ হেক্টৰ ভূমি বেদখল কৰাৰ লগতে ২১,৩৪৩ হেক্টৰ অসমৰ ভূমি অৰুণাচল প্ৰদেশে আৰু মিজোৰামে ১,৫৩৬ হেক্টৰ অসমৰ ভূমিত ইতিমধ্যে বেদখল কৰিছে ।

লগতে পঢ়ক: অসম আৰক্ষীক সকীয়নি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

Last Updated : Jun 12, 2021, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.