কাচাৰ, ২ জুলাইঃ শিলচৰ ধলাইত চৰকাৰৰ বিৰুদ্ধে সদৌ ভাৰত কৃষক সন্থাৰ প্ৰতিবাদ । প্ৰশাসনে কোনো আগজাননী নিদিয়াকৈ ৮২ টা পৰিয়াল উচ্ছেদ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
শিলচৰ ধলাইত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ উল্লেখযোগ্য যে, শিলচৰৰ ধলাইত ৰতনীখাল এলেকাত প্ৰশাসনে উচ্ছেদ কৰে বহুলোকৰ । কিন্তু প্ৰশাসনে সেই অঞ্চলত বছৰ- বছৰ ধৰি বসবাস কৰি অহা ৰাইজক আগতিয়াকৈ কোনো খবৰ নজনোৱাকে উচ্ছেদ কৰে । সেই লৈ চৰকাৰ তথা প্ৰশাসনৰ উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে আজি স্বাধীনতা সংগ্ৰামী শ্বহীদ ক্ষুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । লগতে উচ্ছেদিত ৰাইজক পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনায় প্ৰতিবাদকাৰী সকলে ।
লগতে আন এটি বাতৰি - অতি শীঘ্ৰে বান সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰকঃ অখিল গগৈ