ETV Bharat / state

শিলচৰত কৃত্ৰিম বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

শিলচৰত কৃত্ৰিম বানত ইতিমধ্যে প্লাৱিত হৈছে বহু অঞ্চল ৷ পৌৰসভাৰ চৰম হেমাহিৰ ফলতেই এতিয়া চহৰ খনত কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ ইতিমধ্যে কেইবাটাও পথ খহি যোৱাৰ ফলত ভয়ংকৰ যাত্ৰা কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে স্থানীয় লোক সকলৰ ৷

ETV BHARAT
শিলচৰত কৃত্ৰিম বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Jun 2, 2020, 7:26 PM IST

শিলচৰ, 2 জুনঃ শিলচৰ চহৰত ভয়ংকৰ কৃত্ৰিম বান ৷ ইতিমধ্যে কৃত্ৰিম বানে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷ উল্লেখ্য যে, শিলচৰত কেইবাদিন ধৰি হোৱা বৰষুণৰ ফলত শিলচৰত সৃষ্টি ভয়ংকৰ কৃত্ৰিম বান ৷ এই কৃত্ৰিম বানত ইতিমধ্যে প্লাৱিত হৈছে বহু অঞ্চল ৷ চহৰৰ দোকান পোহাৰ, ঘৰ-দুৱাৰত একাঠু-একাঠু পানী সোমোৱাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷

শিলচৰত কৃত্ৰিম বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

ইতিমধ্যে চহৰ খনৰ শিলংপট্টী, ৰাঙ্গীৰখাড়ী,তাৰাপুৰ, হাস্পতাল ৰোডসহ বিভিন্ন ঠাই জলমগ্ন হৈ পৰে ৷ আনহাতে,শিলচৰ পৌৰসভাৰ অপৰিকল্পিত কামৰ ফলত এই কৃত্ৰিম বান পৰিস্থিতি সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ কৰিছে পৌৰসভাৰ বিৰুদ্ধে ৷ চহৰ খনৰ উন্নয়ণৰ নামত কোনো ব্যৱস্থা নকৰি কোটি কোটি- টকা লুটি খোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ তাৰোপৰি, দীৰ্ঘদিন ধৰি চহৰ খনত বাট-পথৰ মেৰামতিৰ নামতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি পৌৰ সভাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰে ৰাইজে ৷ অতি শীঘ্ৰে চহৰখনক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- হাইলাকান্দিত ভয়াৱহ ভূমিস্খলনঃ নিহত 7, আহত ৫

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.