শিলচৰ,17 এপ্ৰিলঃ দেশজুৰি চলি থকা লক ডাউনৰ মাজতে চৰকাৰে চাহ বাগিচাসমূহ খোলাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ কিন্তু প্ৰায় তিনি সপ্তাহৰো অধিক লক ডাউন চলি থকাৰ বাবে চাহ বাগিচাসমূহত একপ্ৰকাৰৰ হাহাকাৰৰ সৃষ্টি হৈছে ৷ বাগিচা খোলাৰ নিৰ্দেশ দিয়া হৈছে যদিও সকলো শ্ৰমিকক কামত নিয়োজিত কৰা হোৱা নাই ৷
একে পৰিস্থিতিৰ সৃষ্টি হৈছে কাছাৰৰ আৰকাটিপুৰ উত্তৰ চাহ বাগিচাত ৷ বাগান খুলিছে যদিও শ্ৰমিকসকলক প্ৰদান কৰা হোৱা নাই দৈনিক মজুৰি ৷ আনহাতে চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা সাহাৰ্যৰ পৰাও বঞ্চিত হৈ আছে শ্ৰমিকসকল ৷ যাৰ ফলত বাগিচাখনৰ বহু শ্ৰমিক পৰিয়ালে অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে ৷ সেয়েহে বাগিচাখনৰ শ্ৰমিকসকলে ইটিভি ভাৰতৰ জৰিয়তে চৰকাৰক সাহাৰ্য প্ৰদানৰ বাবে আহ্বান জনাইছে ৷
লগতে পঢ়ক-নিশা গোলাঘাটত আৰক্ষীৰ বিহু