ETV Bharat / state

নন্দীগ্ৰামত খহনীয়া প্ৰতিৰোধৰ কাম লেহেমীয়া হোৱাৰ অভিযোগত প্ৰতিবাদ

নন্দীগ্ৰামত কাটাখাল নদীৰ খহনীয়া প্ৰতিৰোধৰ কাম-কাজ অত্যন্ত লেহেমীয়া হোৱাৰ অভিযোগ ৷ নদী খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত দুর্নীতি কোনোপধ্যে সহ্য কৰা নহয় বুলি সকীয়নি প্ৰদান নন্দীগ্ৰাম নদী খহনীয়া প্ৰতিৰোধ সমিতিৰ সভাপতি কামিনী মোহন সিংহৰ ৷

allegation-of-katakhal-river-ersion-work-slow
নন্দীগ্ৰামত খহনীয়াৰ প্ৰতিৰোধৰ কাম কাজ লেহেমীয়া হোৱাৰ অভিযোগত প্ৰতিবাদ
author img

By

Published : Jun 13, 2021, 10:24 PM IST

শিলচৰ, 13 জুন : কাছাৰ জিলাৰ শালচাপৰা ব্লকৰ অধীনৰ নন্দীগ্ৰামত কাটাখাল নদীৰ খহনীয়া প্ৰতিৰোধৰ কাম-কাজ অত্যন্ত লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ভৌগলিক মানচিত্ৰত নন্দীগ্ৰাম কাছাৰ জিলাৰ হৈ থাকিলেও নদীৰ পাৰ্শ্বৱৰ্তী এলেকাটো হাইলাকান্দি জিলাৰ অন্তর্ভুক্ত ৷ স্মৰ্তব্য যে, এলেকাটো দ্ৰুত গতিত খহনীয়াৰ কৱলত পৰাৰ ফলত শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷

বিগত দুই বছৰৰ ভিতৰত খহনীয়া ৰোধৰ বাবে দুটা পৰ্যায়ত চৰকাৰে মুঠ 10 কোটি টকা আৱন্টন দিছিল ৷ কিন্তু প্ৰথম পৰ্যায়ত কাম সম্পন্ন হোৱা দুটা স্থানত ইতিমধ্যে জহি খহি যোৱাৰ উপক্ৰম হৈছে ৷ আনহাতে খহনীয়া ৰোধৰ বাবে দ্বিতীয় পৰ্যায়ত হ’বলগীয়া কাম কাজৰ মাত্ৰ 20 শতাংশহে সম্পন্ন হৈছে ৷ বাৰিষাৰ আগমণৰ লগে লগে ইতিমধ্যে বৰষুণৰ প্ৰকোপ বৃদ্ধি পাইছে ৷

নন্দীগ্ৰামত খহনীয়াৰ প্ৰতিৰোধৰ কাম কাজ লেহেমীয়া হোৱাৰ অভিযোগত প্ৰতিবাদ

যাৰ ফলত উক্ত নৈ খনৰ পাৰ অঞ্চলসমূহ খহনীয়াৰ আৰম্ভ হৈছে ৷ নন্দীগ্ৰাম নদী ভাঙোন প্ৰতিৰোধ কমিটিৰ সভাপতি কামিনী মোহন সিংহই ৰাইজৰ পক্ষত অভিযোগ তুলি কয় যে নদী খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত দুর্নীতি কোনোপধ্যেই সহ্য কৰা নহ’ব ৷ প্ৰয়োজন হ’লে ৰাইজক লৈ গণতান্ত্ৰিক পদ্ধতিৰে ব্যাপক আন্দোলন গঢ়ি তোলাৰ সকীয়নি প্ৰদান কৰে নন্দীগ্ৰাম নদী খহনীয়া প্ৰতিৰোধ সমিতিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক : বানবিধ্বস্ত নাওবৈচাত কৃষি বিপ্লৱ এজাক যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.