শিলচৰ,17 ডিচেম্বৰঃ অখিল গগৈৰ মুক্তিৰ দাবীত শিলচৰত প্ৰতিবাদ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাছাৰ জিলা কমিটি আৰু ৰাইজৰ দলে চহৰ খনৰ ক্ষুদিৰাম আৱক্ষ মূৰ্তিৰ তলত বহি অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখযোগ্য যে,বৃহস্পতিবাৰৰ পুৱাৰে পৰা প্ৰতিবাদত নামিছে সংগঠন কেইটা ৷ প্ৰতিবাদকাৰীৰ দাবী তেওঁলোকে শীঘ্ৰেই কৃষক নেতা অখিল গগৈক মুক্তি দিব লাগে ৷ লগতে তেওঁলোক দাবী উত্থাপন কৰে যে,কেন্দ্ৰ চৰকাৰে যি নতুন কৃষি আইন প্ৰৱৰ্তন কৰিছে সেয়া বাতিল কৰিব লাগে ৷
লগতে পঢ়কঃ শাসকৰ শোষণ বঞ্চনাই বজাইছে সাধাৰণ লোকৰ মৃত্যুৰ ঘন্টা