ETV Bharat / state

অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এটা দুপৰীয়া এটা কথা কয়: লুৰীণজ্যোতি গগৈ

অসম-মিজোৰাম সীমান্তত পৰিস্থিতিৰ বুজ লোৱাৰ বাবে অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলক বাধা । প্ৰতিনিধি দলটোক শিলচৰৰ হোটেলৰ বাহিৰতে আৰক্ষীয়ে আৱদ্ধ কৰি ৰখাৰ অভিযোগ ৷

author img

By

Published : Jul 30, 2021, 9:40 PM IST

অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এটা দুপৰীয়া এটা কথা কয়: লুৰীণজ্যোতি গগৈ
অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এটা দুপৰীয়া এটা কথা কয়: লুৰীণজ্যোতি গগৈ

শিলচৰ, 30 জুলাই : অসম জাতীয় পৰিষদ(Assam Jatiya Parishad)ৰ প্ৰতিনিধি দল(AJP delegates)ক কাছাৰৰ অসম-মিজোৰাম সীমান্ত(Assam Mizoram Border)ৰ সংঘৰ্ষস্থলী পৰিদৰ্শন কৰাত বাধা আৰোপ কৰা হৈছে । অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ(AJP chief Lurin jyoti Gogogoi)ৰ নেতৃত্বত দলৰ এটা প্ৰতিনিধি দল বৃহস্পতিবাৰে শিলচৰত উপস্থিত হৈছিল ।

এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সীমান্ত অঞ্চলত এতিয়াও অব্যাহত আছে উত্তেজনা । ঘটনাস্থলীত কোনো লোককেই যাবলৈ দিয়া নাই অসম আৰক্ষীয়ে । তাৰ পাছতে সংবাদমাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লেও অসমৰ এক ইঞ্চি মাটি আন ৰাজ্যক এৰি দিয়া নহ‘ব ৷" ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাতিপুৱা এটা কথা আৰু দুপৰীয়া এটা কয় বুলিও লুৰীণজ্যোতি গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে ৷ অতি শীঘ্ৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সীমান্ত সমস্যা সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৷

শুকুৰবাৰে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৱে অসম-মিজোৰাম সীমান্তলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ কথা আছিল । কিন্তু, প্ৰতিনিধি দলটোক শিলচৰৰ হোটেলৰ বাহিৰতে আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখে । একেদৰেই বৃহস্পতিবাৰে, পৰিস্থিতিৰ বুজ লোৱাৰ বাবে প্ৰদেশ কংগ্ৰেছ(Pradesh Congress)ৰ এটা সজাতি দলো ঘটনাস্থলীলৈ যাব বিচাৰিছিল যদিও আৰক্ষীয়ে বাধা আৰোপ কৰিছিল । উল্লেখ্যে যে, কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত ২৬ জুলাইত সংঘটিত হোৱা ঘটনাত অসম আৰক্ষীৰ ছয়জন জোৱান নিহত হোৱাৰ উপৰি অৰ্ধশতাধিক লোক আহত হৈছিল ।

লগতে পঢ়কঃ লাভলীনাৰ সাফল্যত কি ক'লে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.