ETV Bharat / state

কংগ্ৰেছে সমাধান কৰিব অসমৰ নিবনুৱা সমস্যা: শচীন পাইলট

দেওবাৰে বৰাকত উপস্থিত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক শচীন পাইলট ৷ শিলচৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তমালকান্তি বণিকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় পাইলটে ৷ নিৰ্বাচনী সভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷

author img

By

Published : Mar 28, 2021, 4:49 PM IST

sachin-pilot-visited-to-barak
বৰাকত শচীন পাইলট

শিলচৰ,28 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে দেওবাৰে বৰাকত আহি উপস্থিত হৈছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক শচীন পাইলট ৷ শিলচৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তমালকান্তি বণিকৰ হৈ এক বিশাল পদযাত্ৰাত অংশ লয় পাইলটে ৷ এই বিশাল পদযাত্ৰাত ভাগ লয় প্ৰায় পাঁচ হাজাৰ কংগ্ৰেছী সমৰ্থক ৷

বৰাকত শচীন পাইলট

শিলচৰৰ দেৱদূত পইন্টৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাত শচীন পাইলটৰ সৈতে উপস্থিত থাকে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ আৰু কংগ্ৰেছ প্ৰাৰ্থী তমালকান্তি বণিক ৷ প্ৰথমে শিলচৰ ডিএছএ খেলপথাৰত যুৱক-যুৱতীসকলৰ লগত এক মত-বিনিময়ত অংশগ্ৰহণ কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷

বৰাকত শচীন পাইলট

নিৰ্বাচনী ভাষণত ৰাজ্যিক বিজেপি চৰকাৰক সমালোচনা কৰি পাইলটে কয় যে, ‘‘বিগত পাঁচ বছৰত অসমত যি চৰকাৰ আছিল, সেই চৰকাৰ আছিল এক মিথ্যাচাৰী চৰকাৰ ৷ অসমৰ জলন্ত সমস্যা হ’ল নিবনুৱা সমস্যা ৷ এই সমস্যা সমাধানত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে’’ ৷ এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’লে এই সমস্যাৰ সমাধান হ’ব বুলি উল্লেখ কৰে শচীন পাইলটে ৷

লগতে পঢ়ক : মহাজোঁট বন্ধনৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.