ETV Bharat / state

Good Governance Week: সুশাসন সপ্তাহ উপলক্ষে বঙাইগাঁৱত গাঁও সপ্তাহ

author img

By

Published : Dec 23, 2022, 12:07 PM IST

দেশজুৰি উদযাপন কৰা হৈছে সুশাসন সপ্তাহ(Good Governance Week 2022) । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁৱতো উদযাপন কৰা হৈছে সুশাসন সপ্তাহ । সুশাসন সপ্তাহ উপলক্ষে বঙাইগাঁৱত আয়োজন কৰা হয় গাঁওসভা ।

Good Governance Week 2022
বঙাইগাঁৱত সুশাসন সপ্তাহ পালন
বঙাইগাঁৱত সুশাসন সপ্তাহ পালন

বঙাইগাঁও,২৩ ডিচেম্বৰ: দেশজুৰি উদযাপন সুশাসন সপ্তাহ(Good Governance Week 2022) । সমগ্ৰ দেশতে ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সুশাসন সপ্তাহ উদযাপন কৰা হ'ব অহা ২৫ ডিচেম্বৰলৈ । গোটেই সপ্তাহটোত, চৰকাৰক জনসাধাৰণৰ বিভিন্ন সমস্যা আৰু গাঁওসমূহৰ লোকসকলক কেনেদৰে চৰকাৰী সুবিধা দ্ৰুতগতিত প্ৰদান কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে এই সুশাসন সপ্তাহৰ জৰিয়তে ।

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো উদযাপন কৰা হৈছে সুশাসন সপ্তাহ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাওঁ জিলাৰ সকলো গাঁও পঞ্চায়তত সুশাসন সপ্তাহ উপলক্ষে অনুষ্ঠিত হয় গাঁও সভা । অসম চৰকাৰৰ নিৰ্দেশাৱলী অনুসৰি বৃহস্পতিবাৰে গাঁৱৰ সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে চৰকাৰ আঁচনিসমূহৰ বিষয়ে অৱগত কৰিবলৈ এই গাঁও সভা অনুষ্ঠিত কৰা হয়(Village Week in Bongaigaon) ।

এই সুশাসন সপ্তাহ উপলক্ষে বঙাইগাঁও জিলাৰ পঞ্চায়তসমূহৰ কাৰ্যালয়ত অৰুনোদয় 2.0 সম্পৰ্কে গাঁওসভা আয়োজন কৰে । এই গাঁও সভাসমূহত উপস্থিত থাকে প্ৰতিখন পঞ্চায়তৰ সভাপতি, সম্পাদকৰ লগতে নিজ নিজ এলেকাৰ উন্নয়ন খণ্ডৰ বিষয়াসকল ।

উন্নয়ন খণ্ডৰ বিষয়াসকলে গাঁও সভাত উপস্থিত থাকি ৰাইজক চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে বিতংকৈ বুজাই দিয়াৰ লগতে আঁচনিৰ সুবিধাবোৰ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । এই ক্ষেত্ৰত পিছ পৰি থকা নাই বঙাইগাঁও জিলাৰ মুলাগাও গাঁও পঞ্চায়তো । বৃহস্পতিবাৰে অনুষ্ঠিত এই গাঁও সভাত উপস্থিত থাকে বঙাইগাঁও ৰাজহচক্ৰৰ চক্ৰ বিষয়া, মূলাগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰীসহ জিলাখনৰ প্ৰায় ১০ টা বিভিন্ন বিভাগৰ বিষয়াসকল ।

বিষয়াসকল উপস্থিত থাকি প্ৰতিটোৰ বিভাগৰ আঁচনি সম্পৰ্কে ৰাইজ তথা উপস্থিত মহিলাসকলক বিতংকৈ বুজাই দিয়ে ৷ একেদৰে উপস্থিত মহিলাসকলেও নিজ নিজ প্ৰশ্ন সুধি আঁচনিৰ কাম কাজৰ বিষয়ে ভালকৈ বুজ লয় । ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই সুশাসন সপ্তাহ অহা ২৫ ডিচেম্বৰলৈ উদযাপন কৰা হ'ব বঙাইগাঁৱত ৷ বৃহস্পতিবাৰে জিলাখনৰ ৫ টা খণ্ড উন্নয়ন কাৰ্যালয়ৰ সকলো গাঁও পঞ্চায়তত অনুষ্ঠিত কৰা হয় গাঁওসভা ৷

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী ড৽ জিতেন্দ্ৰ সিঙে ১৯ ডিচেম্বৰত উদ্বোধন কৰিছিল সুশাসন সপ্তাহ 2022 । সমগ্ৰ দেশৰ জিলা উপায়ুক্তসকলে চিনাক্ত কৰা ৩,১২০ টা নতুন সেৱা ৫ দিনীয়া "প্ৰশাসন গাঁও কি অৰে অভিযান"ত(Prashasan Gaon Ki Ore) অনলাইন সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । লগতে তেঁও উদ্বোধনী ভাষণত উল্লেখ কৰিছিল যে, সুশাসন সপ্তাহ 2022 ৰ প্ৰস্তুতি পৰ্যায়ত, জিলা উপায়ুক্তসকলে নিষ্পত্তি কৰিবলগা সেৱা প্ৰদানৰ বাবে ৮১,২৭,৯৪৪ টা আবেদন চিনাক্ত কৰা হৈছে । লগতে ৰাজ্যিক অভিযোগ পৰ্টেলত(State Grievance Portal) পঞ্জীভুক্ত ১৯,৪৮,১২২ টা অভিযোগ পুনৰ বিবেচনা কৰিব লাগিব বুলিও উল্লেখ কৰিছিল ভাষণত ।

লগতে পঢ়ক: Appointment in PHE: ৰঙিয়াত ১০০ গৰাকী জলমিত্ৰক নিয়োগ পত্ৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.