বঙাইগাঁও,11 ডিচেম্বৰঃ ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে বঙাইগাঁওত অব্যাহত আছে কেব বিৰোধী আন্দোলন ৷ জিলাখনৰ কেবাটাও দল-সংগঠনে যৌথভাৱে বুধবাৰে চহৰখনত এক প্ৰতিবাদী সমদল উলিয়ায় ৷ উক্ত প্ৰতিবাদী দলটোৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ কৰে । আৰক্ষীৰ এই আক্ৰমণত আহত হয় বহুজন ৷ বঙাইগাঁৱত কেব সমৰ্থনকাৰীসকলে মঙলবাৰে আছুসদস্যক আক্ৰমণ কৰাক লৈ আছুসহ কেবাটাও সংগঠনে বন্ধ দিছিল চহৰখন ৷ এই প্ৰসংগত আৰক্ষীয়ে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক সম্ৰাট ভাৱালক গ্ৰেপ্তাৰ কৰে ৷ পিছে বুধবাৰে পুৱা ১১ বজাত আৰক্ষীয়ে ভাৱালক মুকলি কৰি দিয়ে ৷ ইয়াৰ পিচত বঙাইগাঁও আছু,আক্ৰাছু,অসম যুৱ ছাত্ৰ পৰিষদ,কৃষক মুক্তি,গৰিয়া-মৰিয়াসহ কেবাটাও সংগঠনে কেব বিৰোধী এক প্ৰতিবাদী সমদল বাহিৰ কৰে । কিন্তু তাৎক্ষণিকভাৱে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সমদলৰ মাজত অনাধিকাৰ প্ৰৱেশ কৰি লাঠীচালনাৰ লগতে গুলীচালনা তথা কন্দুৱা গেছ প্ৰয়োগ কৰে । ফলত বহুসংখ্যক প্ৰতিবাদকৰী আহত হয় ৷ আৰক্ষীয়ে একমাত্ৰ কেবৰ সমৰ্থনৰ বাবে খেদি খেদি প্ৰহাৰ কৰে প্ৰতিবাদকাৰীসকলক । ঘটনা সন্দৰ্ভত সম্প্ৰতি বঙাইগাঁওত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ তদুপৰি যিকোনো মুহুৰ্ততে দুৰ্ঘটনা ঘটাৰ আশংকা কৰা হৈছে ৷ ৰাজ্যসভাত কেব উত্থাপনৰ বাবে ইতিমধ্যে আক্ৰাছুৱে বৃহস্পতিবাৰে ঘোষণা কৰিছে 24 ঘণ্টীয়া বঙাইগাওঁ বন্ধৰ ৷
হাইলাকান্দিঃ কেব বাতিলৰ দাবীত এতিয়াও প্ৰতিবাদ অব্যাহত আছে বৰাকত ৷ বুধবাৰে পুৱাৰ ভাগৰ পৰা হাইলাকান্দি জিলাত বিভিন্ন দল-সংগঠনে কেব বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । হাইলাকান্দি গণতান্ত্ৰিক ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত সৃষ্টি হয় ব্যাপক যানজঁট ৷ পিছত অৱৰোধস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি থানালৈ আনে । ইপিনে জিলাখনৰ আলগাপুৰত অগপৰ তিনি মন্ত্ৰীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৰাকত প্ৰৱেশ নিষিদ্ধ কৰে আছুৰ সদস্যসকলে । প্ৰতিবাদী দলটোৱে চৰকাৰ বিৰোধী শ্লোগানৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
কাকপথাৰঃ চৰকাৰক কোনোকাৰণতে কেব মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে তিনিচুকীয়াৰ কাকপথাৰবাসীয়ে ৷ সমুহীয়া মুণ্ডনেৰে কাকপথাৰত কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে একাংশ প্ৰতিবাদকাৰীয়ে ৷ স্থানীয় যুৱক হিৰুজ শইকীয়া,শান্তনু দহোটীয়া,ৰাজেশ শ্বাহ,কালাম হুছেইন,অৰূপজ্যোতি গগৈ,শিৰো শ্বাহ আৰু অতুল বৰাই মুণ্ডন কৰি এই বিধেয়কখনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেবৰ প্ৰতিবাদৰ ফলত স্বতঃস্ফুৰ্তভাৱে অচল হৈ পৰে কাকপথাৰৰ লগতে ডিৰাক,মহাদেৱপুৰ ইত্যাদি অঞ্চল ৷ বুধবাৰে ৰাজ্যসভাত কেব গৃহীত হ’লেও কাকপথাৰবাসীয়ে ইয়াক গ্ৰহণ নকৰাৰ লগতে সকলোকে বিৰোধীতা কৰিবলৈ আহ্বান জনায় ৷ বুধবাৰে চহৰখনত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈ প্ৰতিবাদস্থলীক এক জনসমুদ্ৰলৈ পৰিণত কৰে ৷ প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি ফাঁচি দি প্ৰতিবাদ সাব্যস্ত কৰে কাকপথাৰবাসীয়ে ৷
গোৰেশ্বৰঃ গোৰেশ্বৰত কেব বিৰোধী আন্দোলন অব্যাহত থকাৰ মাজতে আছুসহ আঠ সংগঠনে উলিয়ালে এক প্ৰতিবাদী ৰেলী । প্ৰতিবাদী দলটোৱে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইপিনে প্ৰতিবাদীসকলৰ ৰুদ্ৰমূৰ্তি দেখি মৌন হৈ থাকিল স্থানীয় আৰক্ষী-প্ৰশাসন । ততালিকে প্ৰতিবাদস্থলীত জিলা আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া উপস্থিত হয়। আৰক্ষী অধীক্ষকগৰাকীৰ সমুখতে আৰক্ষীৰ ভূমিকাক লৈ ক্ষুণ্ণ হৈ পৰে প্ৰতিবাদকাৰী ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীৰে আলোচনাত মিলিত হয় আৰক্ষী অধীক্ষকগৰাকী । কেবৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে ইতিমধ্যে বৃহস্পতিবাৰে ২৪ ঘণ্টীয়া গোৰেশ্বৰ বন্ধৰ ঘোষণা কৰিছে ৷