বঙাইগাঁও,13 জানুৱাৰী : ভোগালীৰ উৰুকাৰ বাবে বঙাইগাঁৱৰ ঐতিহাসিক তামৰঙা বিলৰ বজাৰত দেখিবলৈ পোৱা গৈছে মানুহৰ সমাগম ৷ বিভিন্ন ঠাইৰ পৰা মাছ কিনিবলৈ ৰাইজৰ লাগিছে হেতা-ওপৰা ।
মাছৰ উজান উঠিছে তামৰঙা বিলৰ বজাৰত ৷ সমগ্ৰ অসমতেই তামৰঙা বিলৰ মাছৰ নাম জনাজাত ৷ এই বিলৰ মাছৰ সোৱাদেই সুকীয়া বুলি মানুহৰ মুখে মুখে প্ৰচলিত ৷ তামৰঙা বিলৰ মাছ বিচাৰি ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা গ্ৰাহক আহে এই বিললৈ । তামৰঙা বিলৰ পৰা গুৱাহাটী, শ্বিলং আদি বিভিন্ন ঠাইলৈ মাছ ৰপ্তানি কৰা হয় ৷

লগতে পঢ়ক : ভোগালী উৰুকাৰ পুৱাই চিৰাঙত মাছৰ উজান