ETV Bharat / state

বঙাইগাঁৱৰ বাংলাপাৰাত অচিন ৰোগ

author img

By

Published : Jun 21, 2019, 10:54 PM IST

স্বাস্থ্য বিভাগে আক্ৰান্ত লোকসকলৰ বাবে উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা নকৰাত বৰ্তমান পৰ্যন্ত কোনো ৰোগীয়ে আৰোগ্য লাভ কৰা নাই ।

বঙাইগাঁৱৰ বাংলাপাৰাত অচিন ৰোগ

উত্তৰ অভয়াপুৰী, 21 জুনঃ বঙাইগাঁৱৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত বাংলাপাৰা গাঁৱত অচিন ৰোগত আক্ৰান্ত হৈছে শ শ লোক ৷ এই ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পায় যদিও, স্বাস্থ্য বিভাগে আক্ৰান্ত লোকসকলৰ বাবে উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা নকৰাত বৰ্তমান পৰ্যন্ত কোনো ৰোগীয়ে আৰোগ্য লাভ কৰা নাই । আনহাতে, শুকুৰবাৰে ৰোগী সকলৰ বুজ ল'বলৈ উপস্থিত হয় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত এটি দল ৷ গাঁৱখনত আক্ৰান্ত লোকসকলৰ মাজত উপস্থিত হৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক তীব্ৰ সমালোচনা কৰে সভাপতি গৰাকীয়ে । লগতে কি কাৰণত এই অচিন ৰোগ মানুহৰ দেহত পৰিলক্ষিত হৈছে সেয়া স্বাস্থ্য বিভাগক শীঘ্ৰে পৰীক্ষা কৰিবলৈ দাবী জনাই ৰেজাউল কৰিম সৰকাৰে ৷

Intro:বঙাইগাঁও জিলাৰ বাংলাপাৰাত অচিন ৰোগত আক্ৰান্ত শশ লোক। স্বাস্থ্য বিভাগে চিকিৎসা প্ৰদান কৰাৰ পিছতো আৰোগ্য পোৱা নাই। আক্ৰান্তিত লোকৰ কাষত উপস্থিত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ।Body: উত্তৰ অভয়াপুৰী, 21জুনঃ- বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বাংলাপাৰা গাঁৱত শশ লোক অচিন ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। এই ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পায় যদিও স্বাস্থ্য বিভাগে আক্ৰান্তিত লোক সকলক উপযুক্ত চিকিৎসা প্ৰদান নকৰাত কোনো লোক আৰোগ্য লাভ কৰা নাই। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত আমছুৰ এটা সজাতি দলে গাৱঁখনত আক্ৰান্তিত হোৱা লোক সকলৰ মাজত উপস্থিত হৈ ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগক তীব্ৰ সমালোচনা কৰে। সৰকাৰে সাংবাদিকৰ আগত কয় যে গাৱঁখনৰ শশ লোক এই ভয়াবহ অচিন ৰোগত আক্ৰান্তিত হোৱাৰ পিছত জিলা স্বাস্থ্য বিভাগে যি দৰে গুৰত্ব প্ৰদান কৰিব লাগিছিল সেয়া কৰা নাই বাবে যিবোৰ ঔষধ পাতি স্বাস্থ্য বিভাগে প্ৰদান কৰিছিল সেই ঔষধত সুফল পোৱা নাই। কি কাৰনত এই ৰোগ হৈছে সেয়া পৰীক্ষা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক আহ্বান জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। Conclusion:আমছুৰ সভাপতি ৰেজাউলৰ মন্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.