ETV Bharat / state

অক্সিজেনৰ অভাৱত বঙাইগাঁৱত দুজন শ্ৰমিকৰ মৃত্যু - বঙাইগাঁও জিলা

বঙাইগাঁও জিলাৰ ঢালিগাঁওৰ চুঙাপোতাত মংগলবাৰে কুঁৱাৰ কাম কৰি থকাৰ সময়ত দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ অক্সিজেনৰ অভাৱৰ বাবে মৃত্যু হৈছে লোক দুজনৰ ৷ অঞ্চলজুৰি শোঁকৰ ছা পৰিছে ৷

Two laboure death in bongaigaon
অক্সিজেনৰ অভাৱত বঙাইগাঁৱত দুজন শ্ৰমিকৰ মৃত্যু
author img

By

Published : Jun 2, 2020, 8:25 PM IST

Updated : Jun 2, 2020, 8:37 PM IST

বঙাইগাঁও, 2 জুন : বঙাইগাঁও জিলাৰ ঢালিগাঁওৰ চুঙাপোতাত মঙলবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ কুৱা মেৰামতি কৰিবলৈ আহি অক্সিজেনৰ অভাৱত নিহত হয় দুজন লোক ৷

অক্সিজেনৰ অভাৱত বঙাইগাঁৱত দুজন শ্ৰমিকৰ মৃত্যু

ঘটনাৰ বিৱৰণ অনুসৰি,জিলাখনৰ ঢালিগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চুঙাপোতা গাঁৱৰ নান্টু চক্ৰৱৰ্তী নামৰ লোকজনৰ ঘৰত পাঁচজনীয়া দল এটাই দুপৰীয়া কুঁৱা মেৰামতি কৰি আছিল। কুঁৱাত প্ৰথমে চুঙাপোতা গাঁৱৰ নিমাই বৰ্মন নামৰ লোকজন প্ৰথমে কুঁৱাত নামি মাতবোল নাইকিয়া হৈ পৰে । তাৰ পিছতে ভয়ত বাকীসকল পলাই যায় যদিও বৰপথাৰ গাঁৱৰ বাবু দেৱনাথ নামৰ লোকজন নিমাই নামৰ লোকজনক উদ্ধাৰৰ বাবে কুৱাত নামি অচেতন হৈ পৰে। লগে লগে স্থানীয় লোকৰ সমাগম হয় আৰু স্থানীয় লোকে বাবু দেৱনাথক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ আৰু এচ ডি আৰ এফৰ লোকে আহি কুঁৱাত নামিবলৈ লয় যদিও অক্সিজেন নথকাৰ বাবে পুনৰ উঠি আহে আৰু অক্সিজেন পিন্ধি কুঁৱাত নামি নিমাই বৰ্মনৰ মৃতদেহ উদ্ধাৰ কৰে ।

লগতে পঢ়ক : দিহিং পাটকাই ৰক্ষাৰ্থে প্ৰতিবাদ

Last Updated : Jun 2, 2020, 8:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.