বঙাইগাঁও,১৩জুন : বৃহস্পতিবাৰে বঙাইগাঁৱৰ বিজিকলনি কালিবাৰীৰ পৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ ব্যৱসায়ীক । গ্ৰেপ্তাৰ হোৱা লোক দুজন নিউ কলনী কালিবাৰীৰ তাপস ছেত্ৰী আৰু চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ডাঙাইগাঁওৰ দেৰা বসুমতাৰী । আৰক্ষীয়ে দুয়োজন ড্ৰাগছ বিক্ৰেতাক বঙাইগাঁও সদৰ থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে ।
উল্লেখ্য যে দুদিন পূৰ্বে বঙাইগাঁৱত ড্ৰাগছসহ তিনিজনকৈ লোক গ্ৰেপ্তাৰ কৰা হৈছিল । চহৰখনত বৃদ্ধি পোৱা ড্ৰাগছৰ অবাধ প্ৰচলনে চিন্তিত কৰি তুলিছে সচেতন মহলক ৷