ETV Bharat / state

Training for quality brown worms: উন্নতমানৰ মুগা কণী উৎপাদন কক্ষৰ সক্ষমতা প্ৰশিক্ষণ

author img

By

Published : Mar 18, 2023, 1:35 PM IST

মুগা শিল্প আৰু মুগা পলু পালকক অধিক আকৰ্ষিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় ৰেচম বোৰ্ড, মুগা এৰী ৰেচম বীজ সংগঠন আৰু ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত মেঘালয়ৰ মেন্দিপাথাৰত মুগা পলুৰ কণী উৎপাদন কক্ষৰ সক্ষমতা প্ৰশিক্ষণ (Ministry of Textiles Government of India)। নৰ্থ গাৰো পাহাৰৰ বিভিন্ন মুগা পলু পালক সকলৰ উপৰি গোৱালপাৰা, বঙাইগাঁও জিলাৰ মুগা পালক সকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।

Training of quality brown worm egg
মেন্দিপাথাৰত মুগা পলুৰ কণী উৎপাদন কক্ষৰ সক্ষমতা প্ৰশিক্ষণ

বঙাইগাঁও, ১৮ মাৰ্চ:কেন্দ্ৰীয় ৰেচম বোৰ্ড, মুগা এৰী ৰেচম বীজ সংগঠন আৰু ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা মেঘালয়ৰ মেন্দিপাথাৰত মুগা পলু পালক সকলৰ বাবে উন্নতমানৰ মুগা পলুৰ কণী উৎপাদন কক্ষৰ সক্ষমতা প্ৰশিক্ষণ আৰম্ভ হৈছে (Training of quality brown worm egg) ৷ মুগা শিল্প আৰু মুগা পলু পালকক অধিক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ৰেচম বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷

মুগা শিল্প আৰু এৰী শিল্পৰ প্ৰতি কেন্দ্ৰীয় ৰেচম বোৰ্ডে উদ্যোগ গ্ৰহণ কৰি আহাৰ সময়তে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নৰ্থ গাৰো পাহাৰ জিলাৰ মেন্দিপাথাৰত থকা কেন্দ্ৰীয় ৰেচম বিভাগৰ পি- 4 ইউনিটৰ কাৰ্যালয়ৰ সভা কক্ষত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত মুগা পলু পালক সকলক উন্নত মানৰ মুগা কণী উৎপাদন কক্ষৰ সক্ষমতা প্ৰশিক্ষণ প্ৰদান কৰিছে (Central Silk Board) ৷ মেঘালয়ৰ মেন্দিপাথাৰ অঞ্চলৰ লগতে নৰ্থ গাৰো পাহাৰৰ বিভিন্ন মুগা পলু পালকসকলৰ উপৰি গোৱালপাৰা, বঙাইগাঁও জিলাৰ মুগা পালকসকলক লৈ এই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে ৰেচম বিভাগে ৷

ৰেচম বিভাগ তথা ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনৰ মুগা পালক সকলক আৰ্থিক সকাহ দিয়াৰ বাবে আৰম্ভ কৰা চিল্ক সমগ্ৰ-2 আঁচনি মৰ্মে আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰৰ বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে গুৱাহাটীৰ মুগা এৰী ৰেচম বোৰ্ডৰ (MESSO) বিজ্ঞানী ড৹ বি এন সৰকাৰে ৷ উক্ত অনুস্থানত MESSO ৰ অন্যতম বিজ্ঞানী ড৹ এল গুহ উপস্থিত থাকে । এই প্ৰশিক্ষণত গোৱালপাৰা জিলাৰ জিৰাগাঁও পঞ্চায়তৰ সভাপতি অকন ৰাভা আৰু কৃষ্ণাইৰ এছ ডি ইমানুয়েল আজামো উপস্থিত থাকে ৷

মুগা, এৰী পালকসকলে যাতে এই কৃষি কৰ্মৰ প্ৰতি অধিক আগ্ৰহী হ'ব পাৰে আৰু এই কৃষি কৰ্মৰ দ্বাৰা স্বাৱলম্বী হৈ উঠিব পাৰে সেয়া সজাগ কৰিবলৈ কেন্দ্ৰীয় ৰেচম বিভাগে বিভিন্ন সময়ত কাৰ্যপন্থা গ্ৰহণ কৰাৰ উপৰি চৰকাৰৰ বিভিন্ন আচঁনি সম্পৰ্কত বাখ্যা আগবঢ়াই ৰেচম বিভাগৰ বিষয়া সকলে ৷ উন্নত মানৰ মুগা পলুৰ কণী উৎপাদন কৰাৰ বাবে কৃষক সকলক আগ্ৰহী কৰাৰ বাবে বিভাগে বিভিন্ন আচনি ৰূপায়ণ কৰাৰ লগতে চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য দি অহা বুলি প্ৰকাশ কৰে বিজ্ঞানী সকলে ৷ ইয়াৰ বাবে সময়ে সময়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা বুলিও কয় ৷

আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ মুগা আৰু এৰী শিল্পই সুনাম দখল কৰাৰ লগতে এই শিল্পক যাতে অধিক প্ৰসাৰ আৰু প্ৰচাৰ কৰি বিশ্বৰ বজাৰত এক নং হিচাবে জিলিকিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে কেন্দ্ৰীয় ৰেচম বিভাগৰ বিষয়া তথা MESSO ৰ বিজ্ঞানী ড৹ বি এন সৰকাৰে ৷ ইপিনে, মেন্দিপাথাৰৰ পি- 4 ইউনিটৰ বিজ্ঞানী ড৹মহাশংকৰ মজুমদাৰে মেঘালয়ৰ বিভিন্ন মুগা পালকৰ উপৰি গোৱালপাৰা, বঙাইগাঁৱৰ মুগাপালক সকলক আগ্ৰহী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখি বিভিন্ন দিহা পৰামৰ্শ, সহায় কৰাৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি অহা বুলি কয় ৷

লগতে পঢ়ক:HSLC exam paper leak: নামৰূপত গছত ওলমিল শিক্ষা মন্ত্ৰীৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.