ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 15, 2022, 9:26 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP TEN AT 9 AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Lavita Controversy: আৱাহন থিয়েটাৰৰ দৰ্শনীত মঞ্চস্থ নহয় লভিতা

অৱশেষত ৰাইজৰ ওচৰত সেও মানিলে আৱাহন থিয়েটাৰ কৰ্তৃপৰ্তৃ ক্ষই ৷ ৰাজ্যবাসীৰ দাবী, আৱেগ, আক্ষেপ আৰু স্বাভিমানৰ প্ৰতি সন্মান জনাই আৱাহন থিয়েটাৰৰ দর্শনীর্শ ত ‘লভিতা’ নাটখন মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰে জনপ্ৰিয় অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে (Lavita will not be staged at Awahan Theatre) ৷

Z Plus security: মুখ্যমন্ত্ৰীৰ জেড প্লাছ নিৰাপত্তাক লৈ বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ শাসক পক্ষৰ

বৃদ্ধি কৰা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰক্ষা ব্যৱস্থা ৷ এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ থাকিব জেড প্লাছ নিৰাপত্তা (CMs Z plus security) ৷ এই লৈ বিৰোধী পক্ষই কৰিছিল তীব্ৰ সমালোচনা (Assam CM security increased)৷ এই সমালোচনাৰ এইবাৰ প্ৰত্যুত্তৰ দিছে শাসকীয় পক্ষই ৷

Public hearing at Majuli: মাজুলীৰ ফেৰীৰ ভাড়া বৃদ্ধিক লৈ শনিবাৰে ৰাজহুৱা শুনানি

কেইদিনমান পূৰ্বে মাজুলীকে আদি কৰি পাৰঘাটসমূহৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছিল ৷ যিটো সিদ্ধান্তৰ বিৰোধিতা কৰিছিল মাজুলীৰ দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজে । ইয়াৰ পাচতেই মাজুলীৰ বিভিন্ন লোকলৈ মেইল আহিছিল যে, এই ভাড়া বৃদ্ধি ওপৰত কাৰোবাৰ কিবা ক’বলগীয়া থাকিলে গুৱাহাটীলৈ বিভাগে আমন্ত্ৰণ জনাব । মাজুলীৰ দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজে ইয়াৰো বিৰোধিতা কৰিছিল ।

IIT খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

বহিঃৰাজ্যত পুনৰ অসমৰ ছাত্ৰৰ মৃত্যু ৷ খড়গপুৰ IIT অধ্যয়ণৰত ছাত্ৰজনৰ নাম ফাইজান আহমেদ (Assam Student found dead in IIT Kharagpur)

Clash in Goalpara: গোৱালপাৰাৰ ৰাজপথত একাংশ উন্মাদ লোকৰ উপৰ্যুপৰি আক্ৰমণ বলি এজন

পৰিয়ালকেন্দ্ৰিক বিবাদৰ ফলতেই সংঘটিত হয় এই ঘটনা ৷ লাঠিৰ নিৰ্মম প্ৰহাৰ গুৰুতৰভাৱে আহত লোকজনক । সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি লোকজনক ৷ চৰকাৰী মাটিত ঘৰ বনোৱাক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনা ৷

Residential training camp at IIT Guwahati : ৰাজ্যৰ কেবাগৰাকীও শিক্ষকক প্ৰশিক্ষণৰ বাবে চুক্তি স্বাক্ষৰ

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্যখনৰ বিদ্যালয়সমূহৰ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে গুৱাহাটী আই আই টিত গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষক সকলৰ পাঁচদিনিয়াকৈ অনুষ্ঠিত হোৱা আবাসিক প্ৰশিক্ষণ শিবিৰৰ শুক্ৰবাৰে সামৰণি পৰে (Residential training camp at IIT Guwahati) ৷ অনুষ্ঠানত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । মন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠানত প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা শিক্ষাগুৰু সকলক আনুষ্ঠানিকভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰে ।

Jatinga Festival Controversy: চৰকাৰী নিৰ্দেশনা উলংঘা কৰি জাতিংগা মহোৎসৱৰ আয়োজন !

ডিমা হাছাওৰ জাতিংগাত আজিৰে পৰা আৰম্ভ হৈছে জাতিংগা মহোৎসৱ ৷ কিন্তু মহোৎসৱখন আৰম্ভ হোৱাৰ পূৰ্বেই সোমাই পৰিছে বিতৰ্কৰ মাজত ৷ চৰকাৰী নিৰ্দেশনা উলংঘা কৰি জাতিংগা মহোৎসৱখন আয়োজন কৰাৰ অভিযোগ তুলিছে ডিমা হাচাও জিলা কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে !

Moran incident: দুই আৰক্ষী বিষয়াক উচিত শাস্তিৰ দাবীত মৰাণত ৰাইজৰ প্ৰতিবাদ

মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু উপ পৰিদৰ্শক ভৱেন দত্তক উচিত শাস্তিৰ দিয়াৰ দাবীত মৰাণত ৰাইজৰ প্ৰতিবাদ ৷ 10 জন যুৱকক থানাৰ ভিতৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল বিষয়াদ্বয়ে ৷

GU election date declare: ১৯ অক্টোবৰত GU ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন

১৯ অক্টোবৰত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন (GU election date declare) ৷ এইবেলি নিৰ্বাচনত ১১ পদত ২৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰে ৪ গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে ।

Class 10th half yearly exam: দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত অথন্তৰ

মাজুলী আৰু যোৰহাট জিলাত হঠাৎ বাতিল হ’ল ছয়মাহিলী পৰীক্ষা (Hardship in class 10th half yearly examination) ৷ কিয় বাতিল হ’ল এই পৰীক্ষা সেই বিষয়ে অজ্ঞ বিদ্যালয় কৰ্তৃপৰ্তৃক্ষৰ লগতে শিক্ষাৰ্থীও ৷ ইফালে এই সন্দৰ্ভত টুলুঙা মন্তব্য প্ৰদান কৰিছে বিদ্যালয়ৰ পৰিদর্শকে ৷ যাক লৈ ক্ষুব্ধ হৈ পৰিছে দুই জিলা ছাত্ৰ সন্থা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.