1. গোলাঘাটত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক
দৰমহাৰ টকা যথেষ্ট নহয় আৰক্ষীৰ খাকী পোছাকত ক'লা দাগ লগোৱা একাংশ আৰক্ষী বিষয়াৰ বাবে । বক্ৰ পথেৰে ধন উপাৰ্জনৰ অভ্যাস নেৰে এনে আৰক্ষী বিষয়াসকলে । কিন্তু দশা বেয়া থাকিলে ৰক্ষা নাই । ৰঙাঘৰৰ আলহী হোৱাটো খাটাং । এইবাৰ গোলাঘাটৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰো একে অৱস্থা হ'ল । উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষী উপ-পৰিদৰ্শক আব্দুল জেলিলক ।
2.অক্টোবৰ মাহৰ প্ৰথমটো দিনতে বৃদ্ধি LPG গেছ চিলিণ্ডাৰৰ মূল্য
অক্টোবৰ মাহৰ প্ৰথমটো দিনতে বাঢ়িল এল পি জি গেছ চিলিণ্ডাৰ(LPG Gas Cylinder)ৰ মূল্য ৷ অৱশ্যে 19 কিল’গ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰহে(Commercial Cylinder) মূল্যবৃদ্ধি(Price Hike) হোৱা বুলি জানিব পৰা গৈছে ৷ ৰাজসাহায্য নোহোৱা(Non Subsidy) ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 884.50 টকা ৷
3.পানীখাইটিত বেদখলকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান
দিছপুৰৰ বৰঘৰত সন্দেহজনক নাগৰিকৰ আগ্ৰাসন । দিছপুৰ বিধানসভা সমষ্টি(Dishpur Constituency)ৰ পানীখাইটিত 45 জন সন্দেহজনক নাগৰিকে ঘৰ সাজি বসতি কৰা বুলি বিধায়ক অতুল বৰা(Atul Bora)ই উল্লেখ কৰাৰ পাচত এতিয়া পানীখাইটিৰ জোনাকী নগৰ গাঁৱত বেদখলকাৰীৰ সন্ধানত চলিল অভিযান চলাইছে আৰক্ষী-প্ৰশাসনে ৷
4.আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
পৰ্যটনৰ বাবে মুকলি কৰা হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ 1 অক্টোবৰৰ অৰ্থাৎ শুকুৰবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ কঁহৰা বনাঞ্চলৰ প্ৰায় 9 কিঃমিঃ আৰু বাগৰি বনাঞ্চলৰ 8 কিঃমিঃ জিপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে ।
5.মহানগৰীৰ গড়চুকত বিস্ফোৰক সামগ্ৰী জব্দ; আটক 2
মহানগৰীৰ গড়চুকৰ পৰা জব্দ বৃহৎ পৰিমাণৰ জিলেটিন ষ্টিক(Gelatin Stick) ৷ সৰবাৰাহৰ সৈতে জড়িত দুজনক আটক আৰক্ষীৰ ৷ জব্দকৃত বিস্ফোৰক সামগ্ৰীখিনিৰ মূল্য 15 কোটি টকা বুলি জানিব পৰা গৈছে ৷
6.ধোদৰ আলি পথ সঠিকভাৱে নিৰ্মাণৰ নিৰ্দেশ বিধায়ক প্ৰদীপ হাজৰিকাৰ
আমগুৰিত ঐতিহাসিক ধোদৰ আলি(Dhodar Ali) পথ পৰিদৰ্শন কৰি পথটো সঠিকভাৱে মেৰামতি কৰাৰ নিৰ্দেশ বিধায়ক প্ৰদীপ হাজৰিকা(Pradip Hazarika)ৰ ৷ ধোদৰ আলি(Dhodar Ali) পথ মেৰামতিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ বাতৰি ইতিমধ্যে ইটিভি ভাৰতযোগে সম্প্ৰচাৰ হৈছিল ৷ এই বাতৰিৰ পাচতে তাৎক্ষণিক প্ৰতিক্ৰিয়া বিধায়ক হাজৰিকাৰ ৷
7.এতিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিলে দেখুৱাব লাগিব ক’ভিড চাৰ্টিফিকেট
এতিয়াৰে পৰা যান-বাহনৰ বাবে ইন্ধন ভৰাবলৈ গ’লে আপুনি গ্ৰহণ কৰিব লাগিব এপালি হ’লেও প্ৰতিষেধক ৷ হোজাই জিলা প্ৰশাসনে যান-বাহন চালক সকলৰ বাবে প্ৰযোজ্য কৰিছে এই নতুন নিয়ম ৷
8.জম্মু-কাশ্মীৰৰ শ্বপিয়ানত এনকাউণ্টাৰ: নিহত সন্দেহজনক সন্ত্ৰাসবাদী
জম্মু-কাশ্মীৰ অঞ্চলত অব্যাহত আছে আৰক্ষী আৰু সেনাৰ এনকাউণ্টাৰ (encounter)। বিভিন্ন স্থানত সন্ত্ৰাসবাদীয়ে (militant) আত্মগোপন কৰাৰ খবৰ লাভ কৰাৰ পাছতে সেনা আৰু আৰক্ষীয়ে চলাইছে অভিযান । তেনে এক অভিযানৰ মাজতে শ্বপিয়ান জিলাৰ ৰাখামা অঞ্চলত অভিযানকাৰী দল আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ।
9.চীনৰ উত্থানক লৈ কি ক'লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ?
আমেৰিকা-ভাৰত ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ'ৰাম চমুকৈ USISPF ৰ এক ভাৰ্চুৱেল অধিৱেশনত চীনৰ উত্থান আৰু কোৱাড গঠনৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । তেওঁৰ মতে চীনৰ সৈতে সকলো সমস্যা দ্বিপাক্ষিক ভাৱে সমাধান কৰিব বিচাৰে ভাৰতে ।
10.ৰাইজৰ নিঃস্বাৰ্থ সেৱাত নিয়োজিত আৰক্ষীলৈ ‘অসম আৰক্ষী দিৱস’ৰ শুভেচ্ছা
ৰাইজক নিঃস্বাৰ্থ সেৱা আগবঢ়াই যোৱা অসম আৰক্ষীৰ জোৱানসকলৰ বাবে আজিৰ দিনটো এক বিশেষ দিন ৷ আজি 71 সংখ্যক অসম আৰক্ষী দিৱস(Assam Police Day) ৷ 1951 চনৰ 1 অক্টোবৰত অসম আৰক্ষী প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা আইপিএছ কে আৰ চৌধাৰী(IPS KR Choudhary)ক স্মৰণ কৰি এই বিশেষ দিনটো উদযাপন কৰা হয় ৷