কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ ছয়হীয়া শিশুৰ মৃতদেহ
পবিত্ৰ ঈদ-উল-ফিতৰৰ দিনাই লখিমপুৰত অঘটন ৷ জিলাখনৰ কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপতে থকা এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত প্ৰায় ছমহীয়া এটি শিশুৰ মৃতদেহ (A child dead body recovered in Lakhimpur) ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
সামাজিক মাধ্যমত পাকিস্তানৰ চোৰাংচোৱাগিৰী কৰি পাঠানকোটত গ্ৰেপ্তাৰ হ’ল এজন
ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানলৈ সীমান্ত অঞ্চলৰ বিষয়ে চোৰাংচোৱা তথ্য প্ৰেৰণ কৰাৰ অভিযোগত পাঠানকোট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক ৷ ইতিমধ্যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে অস্ত্ৰ আইন আৰু এনডিপিএছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে (Case registered under Arms Act and NDPS Act) ৷
অসমৰ ক্ষেত্রত ৰতন টাটাৰ আন এক বদান্যতা
প্ৰতিবছৰে ২০ হাজাৰ যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা । অসম চৰকাৰ আৰু টাটা টেকন'লজী লিমিটেডৰ মাজত হোৱা চুক্তি অনুসৰি ৩৪ খন প'লিটেকনিক আৰু ৪৩ খন আই টি আইক গঢ়ি তোলা হ'ব উৎকৃষ্ট কেন্দ্ৰ । ইয়াৰ বাবে ধাৰ্য কৰা ২৩৯০ কোটি টকাৰ ক্ষেত্রত ৮৭ শতাংশ পুঁজি দিব টাটাই (TATA's initiative towards)। বাকীখিনি ধন দিব ৰাজ্য চৰকাৰে । মুঠ ২,৩৯০ কোটি টকাৰ ৮৭ শতাংশ দিব টাটা টেকনল'জি প্ৰাইভেট লিমিটেডে ।
Eid Ul Fitr 2022 : ৰাজ্যজুৰি উলহ-মালহেৰে ঈদ-উল-ফিতৰ উদযাপন
আজি পৱিত্ৰ ঈদ-উল-ফিতৰ (Today is the holy Eid Ul Fitr) ৷ প্ৰায় দুটা বছৰৰ ক’ভিড সৃষ্ট পৰিৱেশৰ অন্তত ৰাজ্যৰ মছজিদসমূহত পৱিত্ৰ নামাজৰ বাবে ভিৰ কৰে ইছলামধৰ্মী লোকসকলে ৷ বিশ্ব শান্তিৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজহুৱা ঈদগাহৰ প্ৰাংগণত সমূহীয়া ঈদৰ নামাজৰ আদায়ৰ বাবে ৰাইজৰ ভিৰ ৷
Assam Cabinet Decisions : কাগজ কলৰ কৰ্মচাৰীৰ বাবে সুখবৰ
কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে কেবিনেটে মোকলাই দিলে ৩০৮.৭৫ কোটি টকা(Good news for two paper mill workers)। এসপ্তাহৰ ভিতৰত যোগ্য ১০০ জনক চাকৰি দিয়াৰ ব্যৱস্থা চৰকাৰৰ । ৬৩ মাহ ধৰি দৰমহা বঞ্চিত কাগজ কল দুটাৰ ১০৩ জন কৰ্মচাৰীৰ ইতিমধ্যে মৃত্যু হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে মৃত্যুমুখত পৰিছে ১৮ জন কৰ্মচাৰী ।
মেয়ৰ আৰু উপ মেয়ৰৰ নাম ঘোষণাৰ পাছত দেখা দিছে অসন্তুষ্টি
পৌৰ নিগমৰ নিৰ্বাচনী ফলাফলৰ (GMC election 2022) পাছতে মিত্রদলৰ পাৰিষদসকলৰ মাজত মেয়ৰ আৰু উপ মেয়ৰ বাচনিকলৈ অসন্তুষ্টি ৷ উপ মেয়ৰ পদটো বিচাৰিছিল অগপই। অসন্তুষ্টি ব্যক্ত কৰিলে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মিলিজুলি কৰিলে ভাল লাগিলহেঁতেন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ।
বিহু অনুষ্ঠানত বোকা লৈ নাচ-বাগ কৰাটো দুৰ্ভাগ্যজনক : শংকৰজ্যোতি বৰুৱা
বিহু অনুষ্ঠানত বোকা লৈ নাচ-বাগ কৰাটো অসমীয়াৰ লগত সংগতি নাই, এইয়া দুৰ্ভাগ্যজনক আখ্যা আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ (Sankorjyoti Baruah terms Mud dance in bihu unfortunate ) ৷
অৰ্থনৈতিক বিকাশৰ বাবে ৰবৰ খেতিত গুৰুত্ব ত্ৰিপুৰা চৰকাৰৰ
প্ৰাকৃতিক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে ত্ৰিপুৰা (Rubber plantation in Tripura)৷ 2025 চনৰ ভিতৰত প্ৰায় 30 হাজাৰ হেক্টৰ ভূমিত ৰবৰ খেতিৰ পৰিকল্পনা লৈছে ত্ৰিপুৰা চৰকাৰে ৷
Attack on Sudip Roy Barman's driver and PSO : তিনিজনক আটক ত্ৰিপুৰা আৰক্ষীৰ
আগতলাৰ কৃষ্ণনগৰত সংঘটিত এই হিংসাত্মক ঘটনা সন্দৰ্ভত তিনিজনক আটক ৷ প্ৰাক্তন বিজেপি মন্ত্ৰী সুদ্বীপ ৰয় বৰ্মণৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু বাহন চালকক আক্ৰমণ কৰিছিল এদল দুৰ্বৃত্তই (Attack on Sudip Roy Barman's driver and PSO) ৷
গাড়ী ৰখাৰ অপৰাধত ট্ৰাক চালকে আক্ৰমণ কৰিলে যান-বাহন আৰক্ষীৰ জোৱানক
এজন গাড়ী চালকে অন্ধ্ৰপ্ৰদেশৰ ভীমাভাৰাম জিলাৰ এজন কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ কনিষ্টবলক আক্ৰমণ কৰাৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈছে (viral video of Traffic constable and driver's fight) । ঘটনা অনুসৰি, কৰ্তব্যৰত আৰক্ষী জোৱানজনে দ্ৰুত গতিত চলি থকা গাড়ীখন ৰখাবলৈ চেষ্টা কৰাৰ পিছতে গাড়ীখনৰ চালকজনে খঙত অগ্নিশৰ্মা হৈ তেওঁক আক্ৰমণ কৰে (Traffic constable attacked by driver) । চাওক ভিডিঅ’ ৷