ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি - Tea workers protest in Borengajuli Tea estate

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Mar 30, 2022, 1:04 PM IST

অসম-অৰুণাচলৰ সম্প্ৰীতিৰ বাবে কাম কৰি যাম : নীলিম মহন্ত

অৰুণাচল সচিবালয়ৰ দেৱালত NO MORE DAMS শীৰ্ষক ছবি অংকন কৰাৰ পিছতে অৰুণাচল প্ৰদেশ আৰক্ষীৰ ৰোষত পৰিছিল চিত্ৰশিল্পী নীলিম মহন্ত ৷ মঙলবাৰে সন্ধিয়া জামিনত মুক্তি লাভ(Nilim Mahanta granted bail) কৰে শিল্পীগৰাকীয়ে ৷ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছতে অসম-অৰুণাচলৰ সম্প্ৰীতিৰ হকে কাম কৰি যোৱাৰ সদিচ্ছা প্ৰকাশ কৰে শিল্পী মহন্তই ৷

প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিল মেক্সিকোৰ বিদেশ মন্ত্ৰী

দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ভাৰতত উপস্থিত মেক্সিকোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাৰ্চেলো ইব্ৰাৰ্ড কাচাউবন (Mexican Foreign Minister arrives in India)। এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ বাবে বিভিন্ন ধৰণৰ আলোচনা হ'ব । মেক্সিকো হৈছে লেটিন আমেৰিকাৰ ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ ।

Pakistan political crisis : মিত্ৰদলে বিপদত পেলালে ইমৰান খানৰ চৰকাৰক

পাকিস্তানৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে ইমৰান খানৰ চৰকাৰে (PTI government loses majority in lower House)। মিত্ৰদল মুত্তাহিদা কৌমি মুভমেণ্ট পাকিস্তান আৰু বিৰোধী পাকিস্তান পিপলছ পাৰ্টিৰ মাজত হোৱা মিত্ৰতাই বিপদত পেলালে ইমৰান খানৰ পিটিআই দলক । ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত সফল হ'বলৈ বিৰোধীক নিম্ন সদনৰ ১৭২ গৰাকী সদস্যৰ দৰকাৰ । লক্ষণীয়ভাৱে MQM দলে ইমৰান খানৰ সংগ এৰাৰ লগে লগে বিৰোধীৰ সদস্য হ'লগৈ ১৭৭ গৰাকী ।

শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল বৰঙাজুলি চাহ বাগিচা

28-29 মাৰ্চত ভাৰত বন্ধৰ আহ্বান জনাইছিল সৰ্বভাৰতীয় ট্ৰেড ইউনিয়নে ৷ যাৰ অংশ হিচাপে বৰঙাজুলি চাহ বাগিচাত শ্ৰমিকসকলে প্ৰতিবাদ(Tea workers protest in Borengajuli Tea estate) সাব্যস্ত কৰে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদত বহিল AJYCP

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য (Price hike in Assam) ৷ যাৰ ফলত বিপাঙত পৰিছে সৰ্ব-সাধাৰণ ৰাইজ ৷ মঙলবাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ (Price hike in daily use commodities) বিৰোধিতাৰে যোৰহাটৰ বি অ' চি পইন্টত প্ৰতিবাদত বহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP protest in Jorhat) ৷

নৱ প্ৰজন্মক থলুৱা বাদ্যযন্ত্ৰ চিনাকী কৰি দিয়াৰ প্ৰয়াস ঢোলৰ ওজা অজিত গগৈৰ

কৃষ্টি-সংস্কৃতিৰ লগতে এটা জাতিৰ পৰিচয় নিহিত হৈ আছে থলুৱা লোকবাদ্যসমূহত (Assamese Folk instruments) । আজিৰ প্ৰজন্মই লোকবাদ্য কি দৰে চিনি পাই, সেয়াহে বিচাৰ্যৰ বিষয় । থলুৱা লোক বাদ্যযন্ত্ৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰি অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছে চৰাইদেউ জিলাৰ সাপেখাটিৰ ভোগবাৰীৰ এজন থলুৱা শিল্পীয়ে (Artist in Charaideu preserving folk musical instruments) ৷

Firing in Srinagar : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুজন সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত প্ৰায়ে সংঘটিত হৈ থাকে সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ ৷ পুনৰ এবাৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা (Firing in Srinagar) ৷ পুৰণি শ্ৰীনগৰৰ ৰাইনাৱাৰী অঞ্চলত মঙলবাৰে মাজনিশা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় দুজন উগ্ৰপন্থী(Two militants killed in Srinagar) ৷

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰঙালীৰ বজাৰলৈ আনিছে কঙালী

নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ আৰু ঔষধ তথা নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰীকে ধৰি সমকলোতে এতিয়া মূল্যবৃদ্ধি (Rising prices of daily uses products)৷ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে সৰ্বসাধাৰণ ৰাইজৰ ।

ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী

গোৱালপাৰা আৰক্ষীৰ গুলীচালনা(Police firing at Goalpara) ৷ এই গুলীচালনাত আহত হৈছে আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ এটা দুৰ্ধৰ্ষ অপৰাধী ৷

বিকি আলীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলীৰ আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত (Magistrate level probe order) ৷ অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক দাখিল কৰিব পৰাকৈ অতিৰিক্ত জিলা দণ্ডাধীশক ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জিলা দণ্ডাধীশৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.