ETV Bharat / state

Jihadi network in Assam : এইবাৰ বঙাইগাঁও আৰক্ষীৰ জালত তিনি জেহাদী

author img

By

Published : Apr 18, 2022, 8:42 PM IST

Updated : Apr 18, 2022, 9:53 PM IST

বঙাইগাঁও আৰক্ষীৰ সফলতা । ত্ৰিপুৰাৰ পৰা তিনি জেহাদীক গ্ৰেপ্তাৰ বঙাইগাঁও আৰক্ষীৰ (Three Jihadis arrested by Bangaigaon police) ।

three-jihadis-arrested-by-bangaigaon-police
Jihadi network in Assam : এইবাৰ বঙাইগাঁও আৰক্ষীৰ জালত তিনি জেহাদী

বঙাইগাঁও, 18 এপ্ৰিল: সাম্ভাব্য কুটাঘাটৰ পৰা ৰক্ষা পৰিল বঙাইগাঁও । জেহাদীৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ জোৰদাৰ অভিযান । ত্ৰিপুৰাৰ পৰা বঙাইগাঁও আৰক্ষীয়ে আটক কৰি আনিলে তিনি জেহাদীক । আনচাৰুল্লাহ বাংলা টিমৰ(ABT) তিনি সদস্যক বাংলাদেশৰ সীমান্তৰ পৰা আটক কৰিলে বঙাইগাঁও আৰক্ষীয়ে । আটক কৰা এবিটিৰ সদস্যকেইজন ক্ৰমে আব্দুল কাছেম, হামিদ আলী আৰু ইমৰাণ হুছেইন (Jihadi arrested by Bongaigaon police) ।

ত্ৰিপুৰাৰ যাত্ৰাপুৰ আৰক্ষীৰ জিম্মাৰ পৰা বঙাইগাঁও আৰক্ষীয়ে জিম্মাত লয় এ বি টিৰ সদস্যকেইজনক । ইতিমধ্যে বঙাইগাঁও সদৰ থানাত ৰখা হৈছে অভিযুক্ত এ বি টিৰ সদস্যকেইজনক । অভিযুক্ত জেহাদীকেইজনক আটক কৰাৰ পিছত এতিয়া আৰক্ষীৰ তদন্ত চলি আছে (Police inquiry on arrested Jihadis)।

উল্লেখ্যযোগ্য যে, আটাইকেইজনে জানুৱাৰী মাহৰ পৰা বাহৰ পাতি আছিল অভয়াপুৰী যোগীঘোপা আৰু কাৱাইটাৰীৰ অঞ্চল সমূহত ।

মন কৰিব লগীয়া যে, অল কায়েদা ইন ইণ্ডিয়ান চাবকন্টিনেন্ট (Al Qaeda in Indian Sub continent) সংগঠনৰ হৈ কাম কৰে এ বি টিয়ে । এ বি টিৰ সদস্যকেইজনে শ্লিপাৰচেল হিচাপে কাম কৰি আছিল বঙাইগাঁৱত । সোমবাৰে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদমেল যোগে সদৰি কৰে এই সমস্ত বিষয় ৷

উল্লেখ্য যে, বৰপেটা আৰক্ষীয়ে ৪ মাৰ্চত মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদ নামৰ বাংলাদেশী জেহাদীটোক গ্ৰেপ্তাৰৰ পিচতেই পোহৰলৈ আহিছে বিশ্বত্ৰাস জেহাদী সংগঠন আল-কায়দাই বৰপেটাত বাহৰ পাতি অসম তথা ভাৰতত জেহাদৰ জাল পেলোৱাৰ তথ্য ৷ বাংলাদেশ জেহাদী মহম্মদ সুমনৰ তথ্যৰ আধাৰত বৰপেটাত এতিয়ালৈকে ১১ টা জেহাদী আৰক্ষীৰ জালত পৰাৰ ঘটনাক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তুমুল চাঞ্চল্যৰ ৷

শেহতীয়াভাৱে ১২ টাকৈ দুধৰ্ষ জেহাদী বৰপেটা আৰক্ষীৰ জালত পৰাৰ পিচতেই বৰপেটাত ঘাটি পাতি থকা বহিঃৰাজ্যৰ বহু জেহাদীয়ে আত্মগোপনৰ সন্দেহ কৰা হৈছে ৷ বাংলাদেশী নাগৰিক তথা আল কায়দা জেহাদী মহম্মদ সুমনৰ স্বীকাৰোক্তিৰ ভিত্তিত শেহতীয়াভাৱে ৬ জেহাদী গ্ৰেপ্তাৰৰ (Six jihadis arrested in Barpeta) পিচতেই পোহৰলৈ অহা তথ্য অনুসৰি বৰপেটাৰ বহু অঞ্চলৰ পৰা বহু সন্দেহজনক লোক অন্তৰ্ধান হোৱাৰ সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : Jihadi in Assam : সন্ধানহীন হৈছে একাধিক সন্দেহজনক লোক

Last Updated : Apr 18, 2022, 9:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.