ETV Bharat / state

সেউজ মাণিকপুৰ স্বেচ্ছাসেৱী সংগঠনৰ গছপুলি ৰোপণ - world enviroment day

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সেউজ মাণিকপুৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ গছপুলি ৰোপণ কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গছপুলি ৰোপণ ৷

seuj Manikpur organisation celebrate environment day
সেউজ মাণিকপুৰ স্বেচ্ছাসেৱী সংগঠনৰ গছপুলি ৰোপন
author img

By

Published : Jun 5, 2021, 11:07 PM IST

অভয়াপুৰী, 5 জুন: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে সেউজ মানিকপুৰ নামৰ স্বেচ্ছাসেৱী সংগঠনে গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰে । কৰ’ণাৰ জটিল সময়ত পৃথিৱীত অক্সিজেনৰ ভাৰসাম্য ৰক্ষা কৰা আৰু মানিকপুৰক সেউজীয়া কৰি ৰখাৰ উদ্দেশ্যেত এই কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে ।

উল্লেখ্য যে, এই সংগঠনটোৱে কেইবাবছৰ ধৰি প্ৰকৃতিৰ হৈ কাম কৰি আছে । মাণিকপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে স্বেচ্ছাসেৱী সংগঠনটোৱে বৃক্ষৰোপণ কৰে । বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশিষ্ট শিক্ষাবিদ, সাংবাদিক, সাহিত্যিক, বুদ্ধিজীৱি হোমেন বৰগোহাঞিৰ স্মৃতিত বৃক্ষৰোপণ কৰা দেখিবলৈ পোৱা যায় ।

উল্লেখ্য যে সেউজ মানিকপুৰ নামৰ স্বেচ্ছাসেৱী সংগঠনে গছপুলি ৰোপণ কাৰ্যসূচীত স্থানীয় লোকসকলৰ লগতে শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : বৰপেটাৰোডত তেল চোৰ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.