ETV Bharat / state

বঙাইগাঁৱত জাৰি ১৪৪ ধাৰা

বঙাইগাঁৱত জাৰি কৰা হৈছে ১৪৪ ধাৰা । ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টি, ৩৪ নং অভয়াপুৰী(উত্তৰ) আৰু অভয়াপুৰী(দক্ষিণ) বিধানসভা সমষ্টিত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

author img

By

Published : Apr 3, 2021, 8:35 PM IST

বঙাইগাঁৱত জাৰী ১৪৪ ধাৰা
বঙাইগাঁৱত জাৰী ১৪৪ ধাৰা

বঙাইগাঁও,৩ এপ্ৰিল: অহা ৬ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলাত শান্তি ,আইন-শৃংখলা বজাই ৰখাৰ বাবে বঙাইগাঁও জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ড৹ চৈয়দ তহিদুৰ ৰহমানে এচিএছএ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টি, ৩৪ নং অভয়াপুৰী(উত্তৰ) আৰু অভয়াপুৰী(দক্ষিণ) বিধানসভা সমষ্টিত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

এই অনুসৰি, অহা ৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পিছৰ পৰা প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে কোনো ধৰণৰ সভা-সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব । অনুমতিহীন ভাৱে পাঁচ বা তাতোধিক লোকৰ ৰাজহুৱা স্থানত সমাগম নিষিদ্ধ কৰা হৈছে । কোনো লোকে বিপদ সৃষ্টিৰ আশংকা থকা অস্ত্ৰ-শস্ত্ৰ বা সামগ্ৰী লৈ ফুৰিব নোৱাৰিব আৰু প্ৰশাসনৰ অনুমতি অবিহনে উচ্চস্তৰীয় যন্ত্ৰ বা তেনে ধৰণৰ আহিলা-পাতি ব্যৱহাৰ কৰিব নোৱাৰিব ৷

ইফালে, ঘৰে ঘৰে কৰা প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিষেধাজ্ঞা । খেলপথাৰ ,বাছ আস্থান , ৰেলৱে ষ্টেচন, বিয়া, বজাৰতো জনসমাগমৰ ক্ষেত্ৰতো প্ৰযোজ্য নহয় এই নিষেধাজ্ঞা । এই জাননী দেওবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা বুধবাৰৰ সন্ধিয়া ৬ বজালৈ আৰু ভোট গণনা সম্পন্ন হোৱালৈ সমগ্ৰ বঙাইগাঁও জিলাতে বাহাল থাকিব বুলি জানিব পৰা গৈছে ৷

অন্য এক খবৰৰ বাবে: মুকলি আকাশৰ তলত কুইপ’ৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.